Illegal Posta seized in Bokajan:
অসম-নাগালেণ্ড সীমান্তৱৰ্তী বোকাজান মহকুমাৰ খটখটি আৰক্ষীৰ নাকা তালাচীত নিশা বুজন পৰিমাণৰ সন্দেহজনক ড্ৰাগছ জব্দ কৰা লগতে আটক দুটা সৰবৰাহকাৰী।
৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা খটখটি আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত মণিপুৰ দিশৰ পৰা বোকাজান অভিমুখে আহি থকা PB 03 AT 3866 নম্বৰৰ এখন ট্ৰেইলাৰ ট্ৰাকত জব্দ ড্ৰাগছখনি। ট্রাকখনৰ কেবিনৰ পিছফালে বডি বক্সত অতি কৌশলৰে লুকুৱাই প্লাষ্টিকেৰে মেৰিয়াই অনা অৱস্থাত ১১ টা পেকেটত জব্দ ৫ কেজি ৮১৫ গ্রাম অবৈধ প’ষ্টা।
আৰক্ষীয়ে ঘটনা সংক্রান্তত অবৈধ প’ষ্টা সহ পাঞ্জাৱৰ লুখবিন্দৰ সিং আৰু পৰমিন্দৰ সিং নামৰ দুটা সৰবৰাহকাৰীক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
