Accident in Samaguri :নগাঁৱৰ চামগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা

ডিজায়াৰ বাহনে নিয়ন্ত্ৰন হেৰুৱাই ডিভাইডাৰ অতিক্ৰম কৰি ট্ৰাকত প্ৰচণ্ড খুন্দা, থিতাতে নিহত ব্রেজা বাহনৰ দুই আৰোহী,আহত এজন

WhatsApp Image 2026 02 26 at 11.20.39 AM

Accident in Samaguri :

নগাঁৱৰ  চামগুৰিৰ তেলিয়াগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা,থিতাতে নিহত দুই যুৱক,আহত এজন I নিয়ন্ত্ৰণ হেৰুৱাই ১২৭নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত খুন্দা মাৰি আন এখন ট্ৰাকত প্ৰচণ্ড খুন্দা এখন ডিজায়াৰ  বাহনৰ I গুৱাহাটীৰ পৰা চামগুৰি অভিমুখী ডিজায়াৰ বাহন আৰু যোৰহাটৰ পৰা নগাঁও অভিমুখী ট্ৰাকৰ মাজত সংঘটিত হয় পথ দুৰ্ঘটনাটো I দুৰ্ঘটনাটোৰ ফলত AS 01 FS 5676 চাৰিচকীয়া বাহন খন সম্পূৰ্ণৰূপে বিধ্বস্ত হয় ৷

নিহত হয় চাৰিচকীয়া বাহন খনৰ আৰোহী মানস কলিতা আৰু দ্বিপেন কলিতা I ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা গ্ৰস্ত দুয়োখন বাহন খন উদ্ধাৰ কৰাৰ লগতে বাহন খনৰ আন এজন আৰোহী সমিৰন কলিতাক সংকটজনক অৱস্থাত ততাতৈয়াকৈ প্ৰেৰণ কৰে নগাঁও চিভিল হাস্পতাললৈ I তিনিওজনৰে ঘৰ নলবাৰীৰ ঘগ্ৰাপাৰাত বুলি জানিব পৰা গৈছে I

আনহাতে নিহত দুই যুৱকৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁও চিভিল হাস্পতাললৈ প্ৰেৰণ কৰে।

Exit mobile version