Gaurav Gogoi:গোলাঘাট আৱৰ্ত ভৱনত গৌৰৱ গগৈক ঘেৰাও

সৰুপথাৰৰ ক্ষুব্ধ কংগ্ৰেছ কৰ্মীয়ে, অসম জাতীয় পৰিষদক এৰি দিয়াক লৈ জবাবদিহি

WhatsApp Image 2026 02 26 at 1.03.08 PM

Gaurav Gogoi:

ৰাজ্যৰ আসন্ন নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছে ব্যাপক নিৰ্বাচনী অব্যাহত ৰাখিছে ৷ বিজেপিক ৰোধিবলৈ কংগ্ৰেছৰ নেতৃত্বত কে’বাটাও ক্ষুদ্ৰ আঞ্চলিক দলৰে বুজাপৰা অব্যাহত ৰখাৰ মাজতে গোলাঘাট জিলাৰ সৰুপথাৰ আসন খন অসম জাতীয় পৰিষদক এৰি দিয়াৰ বিষয়টো ৰাজহুৱা হোৱাৰ পিছতে ক্ষুব্ধ হৈ পৰিছে সৰুপথাৰৰ কংগ্ৰেছ কৰ্মীসকল ৷ যাৰবাবে গোলাঘাটৰ আৱৰ্ত ভৱনত বাহৰ পাতি থকা এপিচিচিৰ সভাপতি গৌৰৱ গগৈক ঘেৰাও কৰে সৰুপথাৰৰ ক্ষুব্ধ কংগ্ৰেছ কৰ্মীয়ে ৷

কোনো ক্ষেত্ৰতে সৰুপথাৰ অজাপক এৰি নিদিয়াৰ হুংকাৰ দি এইক্ষেত্ৰত জবাবদিহি কৰে গৌৰৱ গগৈক ৷ অচিৰেই অজাপক এৰি দিয়াৰ সিদ্ধান্ত বাতিল নকৰিলে কংগ্ৰেছ কৰ্মী সকলে ৰাজহুৱা মুণ্ডন কৰাৰ সকীয়নি দিয়ে এপিচিচিৰ মুৰব্বী গৰাকীক ৷

উল্লেখ্য যে কে’বাজনো কংগ্ৰেছ কৰ্মীয়ে কান্দিকাতি গৌৰৱ গগৈক বিষয়টো পুনৰ বিবেচনাৰ বাবে আহ্বান জনায় ৷

Exit mobile version