Ghagrapar :
নলবাৰী জিলা ঘগ্রাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত কটকীয়া গাঁও নিবাসী তথা বিজেপি নেতা দ্বিপেন কলিতা(৪১) আৰু দলুৱা গাঁৱৰ মানসপ্রতীম কলিতা (৩০)ই ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ চামগুৰিৰ তেলীয়াগাঁৱত এক পথ দূৰ্ঘটনাত নিহত হয়। জানিব পৰা মতে দুয়োগৰাকী বিজেপি নেতাই ঘগ্রাপাৰৰ পৰা যোৰহাটলৈ ঠিকাৰ কাম চাবলৈ বুলি গৈ থকা অৱস্থাত ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ চামগুৰিৰ তেলীয়াগাঁৱত এক পথ দুৰ্ঘটনাত আজি পুৱা ৬ মান বজাত মৃত্যু হয়।
ইফালে ঘগ্রাপাৰৰ দলুৱা গাঁৱৰ মানসপ্রতীম কলিতাই বিজেপিৰ যুৱ নেতা হোৱাৰ উপৰিও অঞ্চলটোৰ বিভিন্ন সামাজিক কামত জড়িত হৈ আছিল। মৃত্যুৰ সময়ত তেওঁ পিতৃ-মাতৃৰ লগতে বিবাহিত বাইদেউক এৰি যায়। উল্লেখ্য যে ঘগ্রাপাৰ অঞ্চলটোৰ দুয়োগৰাকী চফল ডেকাৰ কৰুণ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে।
