Dhekiajuli:ঢেকীয়াজুলিৰ গুপ্তেশ্বৰ দেৱালয় চৌহদৰ পৰা শুভাৰম্ভ হ’ল বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’ৰ

গুপ্তেশ্বৰ দেৱালয়ত সেৱা জনাই যাত্ৰাৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে

WhatsApp Image 2026 02 28 at 1.18.19 PM 2

Dhekiajuli:

উত্তৰ পাৰৰ পৰা আৰম্ভ হ’ল বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা৷ ঢেকীয়াজুলিৰ গুপ্তেশ্বৰ দেৱালয়ত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই সেৱা জনাই শুভাৰম্ভ কৰে যাত্ৰাৰ ৷ হালধীয়া ৰঙৰ খোলা জীপত উঠি মুখ্যমন্ত্ৰীদীঘলীয়া কনভয় আগবাঢ়ি যায় পৰৱৰ্তী গন্তব্যস্থানলৈ ৷ ‘জন আশীৰ্বাদ যাত্ৰা’ত মুখ্যমন্ত্ৰীক সংগ দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া,ঢেকিয়াজুলিৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংহাল সহ বিজেপিৰ কেইবাগৰাকীও শীৰ্ষ নেতাই। পথৰ দুয়োকাষে ৰৈ থকা অগনন লোকে মুখ্যমন্ত্ৰী সহিতে অন্যান্য নেতা সকলক ফুলাম গামোচা আৰু হাত জোকাৰি উস্ম আদৰণি জনায় I

উল্লেখ্য যে আজিৰে পৰা শুভাৰম্ভ হোৱা বিজেপিৰ প্ৰথম পৰ্যায়ৰ ”জন আশীৰ্বাদ যাত্ৰা’ অতিক্ৰম কৰিব ২৮ ফেব্ৰুৱাৰীত ঢেকিয়াজুলি, বৰচলা,তেজপুৰ,নদুৱাৰ,ৰঙাপাৰা,১মাৰ্চত জাগীৰোড,মৰিগাঁও,ৰহা,নগাঁও ,বঢ়মপুৰ ২মাৰ্চত গহপুৰ বিহপুৰীয়া,ৰঙানদী,নাওবৈচা,৩ মাৰ্চত ধেমাজি,চিচিৰবৰগাঁও ,জোনাই,৬ মাৰ্চতখোৱাং,মাহমৰা,টিংখাং,নাহৰকটীয়া,দুলীয়াজান৭মাৰ্চতসৰুপথাৰ,গোলাঘাট,খুমটাই,দেৰগাঁও,৮ মাৰ্চত মাৰ্ঘেৰিটা,ডিগবৈ,মাকুম,তিনিচুকীয়া,৯ মাৰ্চত সৰুভোগ,বজালী ,টিহু,নলবাৰী আৰু ৰঙিয়া ৷

Exit mobile version