Barpeta Satra Doul Utsav: সোমবাৰৰ পৰা পাচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বৰপেটাৰ বিখ্যাত দৌল মহোৎসৱ

WhatsApp Image 2026 03 02 at 11.56.54 AM

Barpeta Satra Doul Utsav:

সোমবাৰৰ পৰা পাচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব বৰপেটাৰ বিখ্যাত দৌল মহোৎসৱ। বৰপেটাৰ দৌলৰ অন্যতম অলংকাৰ হ’ল হোলীগীত। এই হোলীগীতৰ সুৰত এতিয়া সমগ্ৰ বৰপেটাত বিৰাজ কৰিছে উখল মাখল পৰিৱেশে। সমগ্ৰ বৰপেটাৰ আকাশে বতাহে এতিয়া কেবল হোলীগীতৰ সুৰ।‌

আজি সন্ধিয়া গোন্ধযাত্ৰাৰে বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ আৰম্ভণি হব। তাৰ পূৰ্বে সাংস্কৃতিক মঞ্চ বৰপেটাৰ উদ্যোগত এইবাৰো দেওবাৰে অনুষ্ঠিত হয় বৰ্ণিল বসন্ত শীৰ্ষক কাৰ্যসূচী। চল্লিশটাৰো অধিক বিভিন্ন জাতি- জনগোষ্ঠীৰ দলে আজি এই কাৰ্যসূচীত হোলীগীত পৰিৱেশন কৰে। এই গীত পৰিৱেশনেৰে বৰপেটা চহৰত এক বৃহৎ সমদলো উলিওৱা হয়।

এই শোভাযাত্ৰা উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড: বাবুল চন্দ্ৰ দাসে। ড: দাসে কয় যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে বিভিন্ন জাতি জনগোষ্ঠীক একগোট কৰিছিল সেই বাৰ্তা আজি বৰ্ণিল বসন্ত কাৰ্যসূচীৰ মাজেৰে বৰপেটাই সমগ্ৰ ভাৰতবাসীক দিছে। ইয়াৰ লগতে বুঢ়া সত্ৰীয়াগৰাকীয়ে কয় যে মাঘৰ বিহু পাৰ হোৱাৰ পাছৰে পৰা বৰপেটাৰ ৰাইজৰ মাজত দৌল উৎসৱলৈ অপেক্ষা আৰম্ভ হয়। কাৰণ দৌল হ’ল বৰপেটাৰ প্ৰাণৰ উৎসৱ ।

Exit mobile version