Holi mohotsav in Barpeta Satra:হোলীগীতৰ সুৰত এতিয়া উখল- মাখল সত্ৰ নগৰী বৰপেটা

WhatsApp Image 2026 03 02 at 1.12.15 PM

Holi mohotsav in Barpeta Satra:

দৌল মহোৎসৱক লৈ হোলীগীতৰ সুৰত এতিয়া উখল- মাখল সত্ৰ নগৰী বৰপেটা।‌ বৰপেটাৰ আকাশ বতাহে এতিয়া কেবল কৃষ্ণভক্তিক আধাৰ কৰি ৰচিত হোলীগীতৰ সুৰৰ মুৰ্চনা। বিভিন্ন সংগঠন, অনুষ্ঠানৰ উদ্যোগত চলিছে হোলীগীত পৰিৱেশনৰ নানান অনষ্ঠান।

সোমবাৰে বৰপেটাৰ ৰাইজিং ক্লাবৰ উদ্যোগত ২৬ সংখ্যক বৰ্ষৰ বাবে অনুষ্ঠিত হয় বাটে বাটে হোলীগীত প্ৰতিযোগিতা । কুৰিটাৰো অধিক দলে আজি এই কাৰ্যসূচীত হোলীগীত পৰিৱেশন কৰে।‌ বৰপেটা সত্ৰৰ দালান তথা কৰাপাটৰ তলত এই হোলীগীত প্ৰতিযোগিতা মুকলি কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড: বাবুল চন্দ্ৰ দাসে । এই অনুষ্ঠান প্ৰত্যক্ষ কৰিবলৈ হেজাৰ হেজাৰ লোক সমবেত হয় । তেও কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে আশীষ বাণী দিয়ে।

ইয়াৰ পাছত অংশগ্ৰহণকাৰী দলবোৰে হোলীগীত পৰিৱেশন কৰি সমদলত আগবাঢ়ি যায়। এইবাৰৰ বাটে বাটে হোলীগীত কাৰ্যসূচীত বিশেষ অতিথিৰূপে উপস্থিত থাকে মোহন নামেৰে খ্যাত জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওট আৰু গায়িকা চুইটি দাস । দুয়োগৰাকী শিল্পীয়ে প্ৰথমবাৰলৈ এনে এক কাৰ্যসূচীত যোগদানৰ সুযোগ লাভ কৰি আপ্লুত হৈ পৰা বুলি অনুভৱ ব্যক্ত কৰে। দ্বীপজ্যোতি কেওটে কয় যে বৰপেটাৰ দৌল উৎসৱ তথা হোলী উৎসৱৰ দৰে বিখ্যাত অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ লাভ কৰি তেও নিজকে ধন্য মানিছে।‌তেও ৰাইজলৈ দৌলোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰে। একেদৰে চুইটি দাসেও বৰপেটাৰ এনে এক অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ লাভ কৰি আপ্লুত হৈ পৰা বুলি কয়।

Exit mobile version