আকাশৰ পৰা হেৰাই যাব জোনবাই!

পৃথিৱীৰ একমাত্র উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা

todays moon phase

Moon:✒️চন্দ্ৰৰ মাটিত ভৰি ৰখাৰ স্বপ্ন এতিয়া অতীত। তাত এতিয়া বসতি স্থাপনৰ তৎপৰতা বাঢ়িছে। চন্দ্র অভিযানত উৎসাহৰ অভাৱ নাই মহাকাশ গৱেষণা আৰু পর্যটন সংস্থাসমূহৰ। অথচ সেই আগ্রহতে চেঁচাপানী ঢালিবলৈ ওলাইছে একাংশ বিজ্ঞানীৰ সাম্প্রতিক এক গৱেষণাৰ প্রতিবেদনে।

উক্ত প্রতিবেদনত কোৱা হৈছে যে চন্দ্রটো হেনো আকাশৰ পৰা হেৰাই যাব পাৰে। পৃথিৱীৰ একমাত্র উপগ্রহক কেন্দ্র কৰি ইমানদিনে থকা ইমানবোৰ স্বপ্ন, ইমানবোৰ কাব্য, ইমানবোৰ সৃষ্টি, সেই সকলোবোৰেই কেবল শূন্যত পৰিণত হ’ব।

এয়াও জানো সম্ভৱ? ইয়াৰ উত্তৰ অৱশ্যে এতিয়াও বহু দূৰত আছে; কিন্তু বিজ্ঞানীসকলে দিয়া তথ্যই সেই অশনি সংকেতকে দিছে। পৃথিবীয়ে হয়তো হেৰুৱাই পেলাব নিজৰ একমাত্র উপগ্রহক তথা একেবাৰে কাষতে থকা মহাজাগতিক বস্তুটোক।

আমাৰ জোনবাইৰ এনে বিপদৰ কথা বাৰু কিয় শুনাইছে বিজ্ঞানীৰ দলটোরে? ‘নেচনেল এয়াৰ এণ্ড স্পেচ মিউজিয়াম ফৰ আর্থ এন্ড প্লেনেটৰী স্টাডিজ’ৰ বিজ্ঞানীসকলে বহু গৱেষণাৰ পাছত জনাইছে যে চন্দ্ৰৰ অভ্যন্তৰ ভাগে উত্তাপ হেৰুৱাই ক্রমাৎ শীতল হৈ গৈ আছে। যাৰ প্ৰভাৱ পৰিছে তাৰ বাহিৰ ভাগতো।

ক্ৰমাৎ সংকুচিত হোৱাত চন্দ্ৰৰ আকাৰো সৰু হৈ গৈ আছে। পূর্ণিমাৰ সন্ধিয়া আকাশত দেখা দিয়া চন্দ্রটোক যি গোল কাঁহীৰ স’তে তুলনা কৰা হয়, সেই উপমাও হয়তো লাহে লাহে সেমেকা হৈ আহিব। চন্দ্রটো যে এইদৰে সংকুচিত হৈছে, তাৰ ইংগিত কমেও ১৬ বছৰৰ পূৰ্বে পোৱা গৈছিল ‘নেচনেল এয়াৰ এণ্ড স্পেচ মিউজিয়াম ফৰ আর্থ এন্ড প্লেনেটৰী ষ্টাডিজ’ৰ এক প্রবীণ বিজ্ঞানী থমাছ আৰ বাটাৰ্ছৰ কামত।

বাটাছেই প্রথমে কৈছিল যে বৈজ্ঞানিক তত্ত্ব-হিচাপ অনুসৰি চন্দ্রটো আয়তনত ক্রমাৎ সৰু হৈ আছে। দেখা গৈছে যে চন্দ্ৰৰ অভ্যন্তৰ ভাগৰ স্তৰো ক্ৰমাৎ উঠি গৈছে। ইয়াৰ প্রকোপত টেক্ট’নিক প্লেট (যাৰ বাবে চন্দ্ৰৰ মাটিত ভূমিকম্প হয়) ও মিহলি হৈ পৰিব পাৰে।

‘নেচনেল এয়াৰ এণ্ড স্পেচ মিউজিয়াম ফৰ আৰ্থ এণ্ড প্লেনেটৰী স্টাডিজ’ৰ বিজ্ঞানীসকলে বহু গৱেষণাৰ পাছত জনাইছে যে চন্দ্ৰৰ অভ্যন্তৰ ভাগে উত্তাপ হেৰুৱাই ক্রমাৎ শীতল হৈ পৰিছে। যাৰ প্রভাৱ পৰিছে চন্দ্ৰৰ বাহিৰ ভাগতো। ক্রমাৎ সংকুচিত হোৱাত আকাৰো সৰু হৈ আহিছে।

এতিয়া প্রশ্ন হৈছে যে সৰু হৈ হৈ এদিন যদি চন্দ্রটো একেবাৰে হেৰাই যায়, তেনেহ’লে কি হ’ব? নিশ্চিতভাবে পৃথিৱীৰ ওপৰত ইয়াৰ ভয়ংকৰ প্রভাৱ পৰিব। চন্দ্র-সূর্য-পৃথিবীৰ সম্মিলিত মধ্যাকর্ষণ শক্তিৰ বলতে নক্ষত্র-গ্রহ-উপগ্ৰহৰ বৰ্তমানৰ অবস্থান। সূৰ্যৰ অসীম টান উপেক্ষা কৰিও পৃথিবী যে নিজ অক্ষৰ ওপৰত স্থিৰভাৱে থাকে, সেই ভাৰসাম্য বজাই ৰখাত চন্দ্ৰৰ ডাঙৰ ভূমিকা আছে। এই টনা-আঁজোৰাৰ প্রকোপতে নির্দিষ্ট সময়ৰ অন্তৰালত জোৱাৰ-ভাটা, সূর্যগ্রহণ-চন্দ্ৰগ্ৰহণৰ দৰে ঘটনাবোৰ ঘটি থাকে।

সৃষ্টিৰ সময়ৰ পৰাই চলি অহা এই নিত্য-নৈমিত্তিক ঘটনাত বিভ্রাট ঘটিলে পৃথিবীত তোলপাৰ লাগিব পাৰে। তদুপৰি আগ্নেয়গিৰিৰ ফলত যি ছালফাৰ কণা বায়ুমণ্ডলত মিহলি হয়, সেয়া চন্দ্রই শুহি লয়।

বিজ্ঞানীসকলে অনুমান কৰিছে যে চন্দ্ৰটো হেৰাই গ’লে মহাকাশত সেই ছালফাৰৰ এটা স্তৰ সৃষ্টি হ’ব. যি বিষক্রিয়া কৰিব পাৰে। যাৰ ফলত পৃথিৱীৰ বতৰত আমূল পৰিৱৰ্তন ঘটিব। সকলো মিলাই বৃদ্ধি পাব মহাপ্রলয়ৰ আশংকা।

Exit mobile version