Israel:✒️আমেৰিকা আৰু ইজৰাইলে ইৰানৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিছে। কালি এই যুদ্ধই ষষ্ঠ দিনত ভৰি দিলে। শেহতীয়াভাবে আমেৰিকাৰ সেনাবাহিনীয়ে দাবী কৰা অনুসৰি ইৰানৰ এক ম’বাইল ক্ষেপণাস্ত্র উৎক্ষেপণ কেন্দ্র ধ্বংস কৰিলে।
যোৱা ২৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা আমেৰিকা-ইজৰাইলৰ ইৰান বিৰোধী সামৰিক অভিযানত তিনি দিনত কমেও দুহেজাৰ বোমাবর্ষণ কৰা হৈছিল। ইজৰাইল-আমেৰিকাৰ যৌথ আক্ৰমণত ইৰানত বর্তমানলৈকে ১,০৪৫ জন লোকৰ মৃত্যু হ’ল।
যুদ্ধৰ এনে ভয়াবহ পৰিস্থিতিৰ মাজতো ইৰানত স্বাভাবিক জীবনযাত্রা অব্যাহত থকাৰ এক প্রমাণ পোহৰলৈ আহিল। তেল আভিভত মিছা নামৰ এজন যুৱকে ভূমিগত বাংকাৰত প্রেমিকা লিয়’ৰৰ স’তে নিজৰ বিবাহ সম্পন্ন কৰিলে।
দুয়োৰে বিবাহ পিতাহ তিকভাত সম্পন্ন হোৱাৰ কথা আছিল। কিন্তু ক্ষেপণাস্ত্ৰ আক্ৰমণৰ শংকাত তেওঁলোকে ভূমিগত বাংকাৰতে বিবাহ সম্পন্ন কৰিলে। বিবাহৰ পাছত মিছাই সামাজিক মাধ্যমৰ জৰিয়তে ক’লে, ‘পৰিস্থিতি যিয়ে নহওঁক, নতুন আৰম্ভণি হোৱা উচিত। জীৱন থমকি ৰ’ব নালাগে।’
বাংকাৰতে আয়োজিত বিবাহ অনুষ্ঠানত একাংশ লোকে অংশ লৈ নৃত্য-গীতো কৰিছিল। এই ঘটনাৰ এক ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে।
