Ayatollah Ali Khamenei:✒️আমেৰিকা আৰু ইজৰায়েলৰ যৌথ সামৰিক আক্রমণত ইৰাণৰ শীৰ্ষ ধৰ্মীয় নেতা আয়াতুল্লাহ আলী খামেনেই(Ayatollah Ali Khamenei)নিহত হোৱা বুলি দাবী উত্থাপন হোৱাৰ পাছতেই সমগ্ৰ পশ্চিম এছিয়াত যুদ্ধৰ আশংকা তীব্ৰ হৈছে। কিন্তু এই ঘটনাক লৈ এতিয়াও কোনো আনুষ্ঠানিক মন্তব্য কৰা নাই ভাৰত চৰকাৰে। এই পৰিস্থিতিত পুনৰ আলোচনালৈ আহিছে ভাৰত আৰু ইৰাণৰ (Iran)বহুদিনীয়া কূটনৈতিক সম্পৰ্ক।
ইতিহাস অনুসৰি, ১৯৯০ দশকৰ আৰম্ভণিতে কাশ্মীৰ ইস্যুত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চাপৰ সন্মুখীন হৈছিল ভাৰত। সেই সময়ত পাকিস্তানে ইছলামিক সহযোগিতা সংস্থা(Organisation of Islamic Cooperation)ৰ সহায়ত ৰাষ্ট্ৰসংঘৰ মঞ্চত ভাৰতৰ বিৰুদ্ধে প্ৰস্তাৱ উত্থাপন কৰিবলৈ চেষ্টা কৰিছিল। অভিযোগ আছিল কাশ্মীৰত মানবাধিকাৰ লঙ্ঘনৰ। কিন্তু সেই সংকটময় সময়ত ভাৰতৰ কাষত থিয় হৈছিল ইৰাণ।
সেই সময়ত তদানীন্তন প্ৰধানমন্ত্ৰী পি. ভি. নৰসিংহ ৰাও(P. V. Narasimha Rao)কূটনৈতিক উদ্যোগ লয় আৰু তদানীন্তন বিদেশ মন্ত্ৰী দিনেশ সিং(Dinesh Singh)ক তেহৰানলৈ প্ৰেৰণ কৰে। অসুস্থ অৱস্থাত হুইলচেয়াৰতেই তেহৰান গৈ ইৰাণৰ বিদেশ মন্ত্ৰী আকবৰ ভেলায়তি(Akbar Velayati)ৰ স’তে বৈঠক কৰে তেওঁ। তাৰ পিছতেই পাকিস্তানে উত্থাপন কৰা প্ৰস্তাৱত সমৰ্থন জনাবলৈ অস্বীকাৰ কৰে ইৰাণে। ফলত কাশ্মীৰ ইস্যু আন্তঃৰাষ্ট্ৰীয় মঞ্চত উত্থাপন কৰাৰ পাকিস্তানৰ চেষ্টা ব্যর্থ হয়।
পৰৱৰ্তী সময়তো দুয়ো দেশৰ সম্পৰ্ক অধিক সুদৃঢ় হৈ থাকে। পশ্চিম এশিয়া আৰু ইউৰোপৰ সৈতে বাণিজ্য সহজ কৰিবলৈ ইৰাণে ভাৰতক ব্যৱহাৰৰ সুযোগ দিয়ে চাবাহাৰ বন্দৰ (Chabahar Port)। তদুপৰি দীঘলীয়া সময় ধৰি ভাৰতক তুলনামূলক কম মূল্যত তেলো যোগান ধৰি আহিছে ইৰাণে।
অৱশ্যে নৰেন্দ্ৰ মোদী (Narendra Modi)চৰকাৰে জম্মু–কাশ্মীৰৰ বিশেষ মৰ্যাদা প্ৰদান কৰা সংবিধানৰ Article 370 বাতিল কৰাৰ পাছত খামেনেইয়ে এই সিদ্ধান্তৰ সমালোচনা কৰিছিল। তেওঁ কাশ্মীৰত মুছলিমসকলৰ অৱস্থা লৈ উদ্বেগ প্ৰকাশ কৰিছিল যদিও ভাৰতৰ স’তে বন্ধুত্বপূর্ণ সম্পৰ্ক বজাই ৰখাৰ কথাও উল্লেখ কৰিছিল।
ইফালে খামেনেইৰ মৃত্যুৰ দাবীৰ পাছত ভাৰতৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ-বিক্ষোভো দেখা গৈছে। বিশেষকৈ জম্মু–কাশ্মীৰ আৰু আন কেবাখন ৰাজ্যত শিয়া সম্প্ৰদায়ৰ লোকসকলে এই ঘটনাৰ প্ৰতিবাদত পথলৈ নামিছে। এই ঘটনাক লৈ কেন্দ্ৰীয় চৰকাৰৰ নীৰৱতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ছোনিয়া গান্ধী(Sonia Gandhi)য়ে। তেওঁ ইতিহাস স্মৰণ কৰাই ভাৰত–ইৰাণ বন্ধুত্বৰ কথাও উল্লেখ কৰে।
এই পৰিস্থিতিত পশ্চিম এছিয়াত বৃদ্ধি পোৱা উত্তেজনাই আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত নতুন সমীকৰণ সৃষ্টি কৰাৰ আশংকা কৰা হৈছে।
