দুই বা তাতোধিক সন্তান হ’লে ২৫ হেজাৰ টকা!

নতুন নীতি ঘোষণা অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ

1772771319 andhra 1

Andhra Pradesh:✒️জনসংখ্যা হ্ৰাসৰ উদ্বেগৰ মাজতে এক নতুন পদক্ষেপ ঘোষণা কৰিছে এন. চন্দ্ৰবাবু নাইডু(N. Chandrababu Naidu )নেতৃত্বাধীন অন্ধ্ৰ প্ৰদেশ(Andhra Pradesh) চৰকাৰে। ৰাজ্যখনত দ্বিতীয় বা তৃতীয় সন্তান জন্ম দিলে দম্পতীক ২৫ হেজাৰ টকা আৰ্থিক সহায় আগবঢ়োৱাৰ প্ৰস্তাৱ দিছে চৰকাৰে।

বিধানসভাত ভাষণ দি মুখ্যমন্ত্ৰী নাইডুৱে কয় যে ৰাজ্যখনত জন্মহাৰ দ্ৰুতগতিত হ্ৰাস পাইছে। বৰ্তমানে ৰাজ্যখনৰ মুঠ প্ৰজনন হাৰ(Total Fertility Rate )(TFR) প্ৰায় ১.৫, যি স্থিৰ জনসংখ্যা বজাই ৰাখিবলৈ প্ৰয়োজনীয় ২.১ৰ তলত।

সেই কাৰণে জনসংখ্যা বৃদ্ধি উৎসাহিত কৰিবলৈ এই নতুন নীতি প্ৰণয়ন কৰাৰ কথা চৰকাৰে চিন্তা কৰিছে।

প্ৰস্তাৱ অনুসৰি, দ্বিতীয় বা তাতোধিক সন্তান জন্ম লোৱাৰ সময়তেই পিতৃ-মাতৃক ২৫ হেজাৰ টকা সহায় আগবঢ়োৱা হ’ব। মুখ্যমন্ত্ৰীৰ মতে, এই পদক্ষেপ জনসংখ্যা ব্যৱস্থাপনা নীতিত এক গুৰুত্বপূর্ণ পৰিৱর্তন হিচাপে বিবেচিত হ’ব।

চৰকাৰৰ পৰিকল্পনা অনুসাৰে, এই নতুন জনসংখ্যা পৰিচালনা নীতি(Population Management Policy)চলিত মাহৰ শেষলৈকে চূড়ান্ত কৰা হ’ব আৰু এপ্ৰিল মাহৰ পৰা কাৰ্যকৰী কৰাৰ সম্ভাৱনা আছে।

লগতে তৃতীয় সন্তানৰ বাবে বিনামূলীয়া শিক্ষা, মাতৃত্বকালীন ছুটি আৰু অন্যান্য সুবিধা দিয়াৰ বিষয়েও আলোচনা চলিছে।

জনসংখ্যা বৃদ্ধিৰ হ্ৰাসে ভবিষ্যতে কৰ্মশক্তি আৰু অৰ্থনৈতিক উন্নয়নৰ ওপৰত প্ৰভাৱ পেলাব পাৰে বুলি বিশেষজ্ঞসকলে সতর্ক কৰাৰ পিছতেই অন্ধ্ৰপ্ৰদেশ চৰকাৰে এই নতুন পদক্ষেপ গ্ৰহণ কৰিছে।

Exit mobile version