Char Dham Yatra:✒️ভক্তসকলৰ বাবে সুখবৰ।আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে ২০২৬ বৰ্ষৰ পবিত্ৰ চাৰধাম যাত্ৰা (Char Dham Yatra)ৰ বাবে অনলাইন ৰেজিষ্ট্ৰেচন । উত্তৰাখণ্ড চৰকাৰৰ পৰ্যটন প’ৰ্টেল আৰু মোবাইল এপৰ জৰিয়তে এতিয়াৰে পৰা ভক্তসকলে যাত্ৰাৰ বাবে কৰিব পাৰিব ৰেজিষ্ট্ৰেচন ।
এই পবিত্ৰ তীৰ্থযাত্ৰা ভাৰতৰ অন্যতম গুৰুত্বপূর্ণ ধৰ্মীয় যাত্ৰা। ইয়াত উত্তৰাখণ্ডৰ হিমালয় অঞ্চলত অৱস্থিত চাৰিটা ধাম—যমুনোত্ৰী মন্দিৰ(Yamunotri Temple)গংগোত্ৰী মন্দিৰ(Gangotri Temple) কেদাৰনাথ মন্দিৰ (Kedarnath Temple)আৰু বদ্ৰীনাাথ মন্দিৰ(Badrinath Temple)দৰ্শন কৰা হয়।
প্ৰশাসনৰ তথ্য অনুসৰি, চলিত বৰ্ষৰ চাৰধাম যাত্ৰা ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব। সেইদিনাই প্ৰথমে যমুনোত্ৰী আৰু গংগোত্ৰী ধামৰ দুৱাৰ ভক্তসকলৰ বাবে মুকলি কৰা হ’ব। তাৰ পাছত পৰ্যায়ক্রমে কেদাৰনাথ আৰু বদ্ৰী নাথ মন্দিৰো খোলা হ’ব।
উল্লেখযোগ্য যে এই যাত্ৰাৰ বাবে ৰেজিষ্ট্ৰেচন বাধ্যতামূলক কৰা হৈছে। যাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণ, সুৰক্ষা ব্যৱস্থা আৰু তীৰ্থযাত্ৰীৰ সঠিক তথ্য সংৰক্ষণৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
ভক্তসকলে অনলাইন অথবা পাছত আৰম্ভ হ’বলগীয়া অফলাইন কাউণ্টাৰৰ জৰিয়তেও ৰেজিষ্ট্ৰেচন কৰিব পাৰিব।
প্ৰতিবছৰ লাখ লাখ ভক্ত এই চাৰধাম যাত্ৰাত অংশগ্ৰহণ কৰে। এইবাৰো বৃহৎ সংখ্যক তীৰ্থযাত্ৰীৰ আগমন হ’ব বুলি আশা কৰা হৈছে।
