কৰ্ণাটক চৰকাৰৰ নতুন সিদ্ধান্ত।মোবাইল আৰু সমাজমাধ্যমৰ আসক্তি ৰোধ কৰিবলৈ কঠোৰ পদক্ষেপ।শিশু-কিশোৰসকলক সমাজমাধ্যমৰ কুপ্ৰভাৱৰ পৰা ৰক্ষা কৰিবলৈ কৰ্ণাটক চৰকাৰে ঘোষণা কৰিছে এক গুৰুত্বপূর্ণ পদক্ষেপ। ৰাজ্যখনত ১৬ বছৰৰ তলৰ সকলো শিশু-কিশোৰৰ বাবে সমাজমাধ্যম ব্যৱহাৰ নিষিদ্ধ কৰাৰ সিদ্ধান্ত ঘোষণা কৰা হৈছে।
ৰাজ্যৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াহ (Siddaramaiah)এ ২০২৬-২৭ বৰ্ষৰ বাজেট উপস্থাপনৰ সময়ত এই ঘোষণা কৰে। তেওঁৰ মতে, শিশু-কিশোৰসকলৰ মাজত মোবাইল ফোন আৰু সমাজমাধ্যম ব্যৱহাৰৰ আসক্তি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে, যাৰ ফলত মানসিক স্বাস্থ্য, শাৰীৰিক সুস্থতা আৰু পঢ়াশুনাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিছে।
চৰকাৰৰ পৰিকল্পনা অনুসৰি, Facebook, Instagram, X, YouTube আদি মুখ্য সমাজমাধ্যম প্লাটফৰ্মত ১৬ বছৰৰ তলৰ ব্যৱহাৰকাৰীৰ প্ৰৱেশ বন্ধ কৰাৰ ব্যৱস্থা কৰা হ’ব। এই নিয়ম কাৰ্যকৰী কৰিবলৈ বয়স যাচাই আৰু প্লাটফৰ্মসমূহৰ বাবে বিশেষ নীতি প্ৰণয়ন কৰা হ’ব।
বিশেষজ্ঞসকলৰ মতে, ইণ্টাৰনেট আৰু সমাজমাধ্যমৰ অতিৰিক্ত ব্যৱহাৰে শিশু-কিশোৰসকলৰ মাজত টোপনিৰ সমস্যা, মনোযোগ হ্ৰাস আৰু মানসিক চাপৰ দৰে সমস্যাৰ সৃষ্টি কৰিছে।
সেই কাৰণেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ৰাজ্য চৰকাৰে স্পষ্ট কৰিছে।
উল্লেখযোগ্য যে, এই পদক্ষেপ কাৰ্যকৰী হলে কৰ্ণাটক দেশৰ ভিতৰত প্ৰথম ৰাজ্য হিচাপে পৰিগণিত হ’ব যিয়ে ১৬ বছৰৰ তলৰ শিশু-কিশোৰৰ বাবে সমাজমাধ্যম ব্যৱহাৰ নিষিদ্ধ কৰাৰ সিদ্ধান্ত লয়।
