Chandmari:মহানগৰীৰ চানমাৰীনিৰ্মীয়মাণ উৰণসেতুৰ তলত জাইকাৰ পানীৰ পাইপ ফাটি জলমগ্ন ৰাজপথ

নিম্নমানৰ কামৰ বাবে য'তে ত'তে পানীৰ পাইপ ফুটি থকাৰ অভিযোগ

WhatsApp Image 2026 03 06 at 3.41.06 PM

Chandmari:

মহানগৰীৰ খাৰঘূলিৰ জয়পুৰত জাইকাৰ পানীৰ পাইপ বিস্ফোৰিত হৈ সংঘটিত হোৱা ভয়াৱহ ঘটনাৰ পিছতো শিকনি হোৱা নাই জাইকাৰ। মহানগৰীৰ অলিয়ে গলিয়ে জাইকা তথা জলবৰ্ডৰ পানীৰ পাইপ সঘনাই ফুটি থকাটো নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে।

শুকুৰবাৰে সদাব্যস্ত চানমাৰীৰ নিৰ্মীয়মাণ উৰণ সেতৰ তলৰ উপ- পথত জাইকাৰ পানীৰ পাইপ ফাটি জলমগ্ন হৈ পৰে ৰাজপথ ৷ যাৰবাবে বহু অসুবিধাৰ সন্মুখীন পথচাৰী আৰু যানবাহন ৷

উল্লেখ্য যে মহানগৰীৰ প্ৰায়বোৰ পথ ,উপ- পথত জলবৰ্ডে সংস্থাপিত কৰা পানীৰ পাইপ উন্মুক্ত হৈ থকাৰ বাবে যান- বাহনৰ চেপাত বিধ্বস্ত হৈ দিনটোৰ অধিক সময় পাইপেৰে পানী ওলাই ৰাজপথলৈ বৈ আহে ৷ জাইকা – জলবৰ্ডৰ নিম্নমানৰ কামৰ বাবে এই দুৰ্দশা মহানগৰবাসীৰ ৷ এনেক্ষেত্ৰত জইকা বা জলবৰ্ডে কিবা সময়োচিত পদক্ষেপ ল’বনে ৷নে ৰাইজে সদায় জীয়াতুভূগি থাকিব ।

Exit mobile version