Donald Trump:✒️পাৰস্য উপসাগৰৰ প্রাচীন সভ্যতাৰ দেশ ইৰানৰ বিৰুদ্ধে দুই শক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলে সূচনা কৰা যুদ্ধ অৱসানৰ লক্ষণে দেখা দিয়া নাই। বৰঞ্চ সময় বাগৰাৰ লগে লগে আক্রমণ-প্রত্যাক্ৰমণৰ প্রাৱল্য বৃদ্ধি পাইছে। সমগ্র বিশ্বক উদ্বিগ্ন কৰি ৰখা এই যুদ্ধৰ কেতিয়ালৈ অন্ত পৰিব সেয়াও অনিশ্চিত হৈছে।
আনকি মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পেও স্বীকাৰ কৰিছে যে এই যুদ্ধ আগন্তুক এমাহ ধৰি চলাৰ সম্ভাবনা আছে। এনে অবস্থাতে মার্কিন প্রশাসনৰ সুত্রই প্রকাশ কৰিছে যে চলিত ইৰান যুদ্ধত আমেৰিকা যুক্তৰাষ্ট্ৰই ১৮.৮৭ লাখ কোটি টকা পর্যন্ত ব্যয় কৰিবলগীয়া হ’ব পাৰে।
আনকি যোৱা শনিবাৰে আৰম্ভ হোৱা এই যুদ্ধৰ প্ৰথম দিনাই মার্কিন প্রশাসনৰ ৭৭ কোটি ৯০ লাখ ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাৰ হিচাপ কমেও ছহেজাৰ নশ কোটি টকা ব্যয় হয়। বিশ্লেষকসকলৰ মতে, ট্রাম্প আৰু নেতানিয়াহুৱে এই যুদ্ধ কম দিনৰ ভিতৰতে অন্ত পৰিব বুলি ধাৰণা কৰিছিল যদিও বাস্তৱত তেনে পৰিস্থিতিৰ সম্ভাৱনা ক্ষীণ।
ফলত তিনিওখন দেশৰ যুদ্ধজনিত ব্যয়ে আকাশ স্পৰ্শ কৰাৰ সম্ভাৱনা প্রৱল হৈছে। মার্কিন প্রশাসনৰ সূত্ৰ তথা চেণ্টাৰ ফ’ৰ নিউ আমেৰিকান ছিকিউৰিটিজ শীৰ্ষক সংস্থাৰ মতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাতত থকা বিশ্বৰে বৃহত্তম যুদ্ধ বিমানবাহী জাহাজসমূহ পৰিচালনা কৰোতে প্রতিদিনে ৬৫ লক্ষ ডলাৰ বা ৫৮ কোটি টকা ব্যয় হয়। এনে যুদ্ধ বিমানবাহী জাহাজৰ অন্যতম হ’ল ইউএছএছ জেৰাল্ড আৰ ফ’ৰ্ড আৰু আব্রাহাম লিংকন।
এনে জাহাজৰ পৰিচালনাৰ বাবদ নিতৌ বিপুল অংকৰ ধন ব্যয় হোৱাৰ কাৰণ হৈছে এই জাহাজসমূহত ক্ষেপণাস্ত্র ধ্বংসকাৰী যুদ্ধ জাহাজ আৰু শত্ৰুৰ অস্ত্ৰ ধৰা পেলোৱা সঁজুলিও থাকে। উল্লেখ্য যে পশ্চিম এছিয়াত শেহতীয়া উত্তেজনা বৃদ্ধিৰ সময়তে মার্কিন প্রশাসনে উক্ত দুই জাহাজো নিয়োজিত কৰে। ইয়াৰে জেৰাল্ড ফ’র্ড যুদ্ধ জাহাজখন প্রায় এক লাখ ৮০ হেজাৰ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে। সূত্ৰৰ মতে, ইৰানৰ সৰ্বোচ্চ ধর্মীয় নেতা আলি খামেনেইৰ হত্যাত এই যুদ্ধ জাহাজ ব্যৱহাৰ কৰে মার্কিন সেনা বাহিনীয়ে।
জাহাজখন দীর্ঘদিন ধৰি যুদ্ধত লিপ্ত কৰি ৰাখিবলৈ হ’লে ট্রাম্প প্রশাসনে প্রায় ১৮.৮৭ লাখ কোটি টকা ব্যয় কৰিব লাগিব। যোৱা ২৮ ফেব্ৰুৱাৰীত মার্কিন প্রশাসনে যুদ্ধ সূচনা কৰাৰ প্ৰাকমুহূৰ্তত যুদ্ধ প্রস্তুতিত কমেও পাঁচ হেজাৰ কোটি টকা ব্যয় কৰে বুলি সূত্রই সদৰী কৰিছে। সূত্ৰই জনোৱা মতে, বিমানৰ পুনৰ স্থাপন, নৌজাহাজ নিয়োগ আৰু আঞ্চলিক সম্পদ একত্রিত কৰাত এই বিপুল ধন ব্যয় কৰে পেন্টাগনে।
গতিকে যুদ্ধ দীর্ঘস্থায়ী হ’লে দেশখনৰ ব্যয় অকল্পনীয়ভাবে বৃদ্ধি পাব। সামৰিক বিশেষজ্ঞসকলৰ মতে দেশখনৰ এই যুদ্ধই দীর্ঘস্থায়ী ৰূপ ল’লে ১৮.৮৭ লাখ কোটি টকা পর্যন্ত হ’ব পাৰে। ইয়ে মার্কিন নাগৰিকসকলৰ বহুতকে ক্ষুব্ধ কৰি তুলিছে। বহুতে মুকলিকৈ ট্রাম্পৰ বিৰুদ্ধে ক্ষোভ প্রকাশো কৰিছে। এনে অৱস্থাতে একাংশ সামৰিক বিশেষজ্ঞই দাবী কৰিছে যে চলিত ইৰান যুদ্ধত মার্কিন প্রশাসনে নিতৌ ৫৩৭.৩৭কোটি টকাকৈ ব্যয় কৰি আহিছে।
উল্লেখ্য যে মার্কিন সংসদৰ অনুমতি অবিহনে ট্রাম্পে ইজৰাইলী প্রধানমন্ত্রী বেঞ্জামিন নেতানিয়াহুৰ স’তে মিলি ইৰানৰ বিৰুদ্ধে একপক্ষীয়ভাৱে যুদ্ধ ঘোষণা কৰে।
