অহা এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া নতুন শিক্ষাবৰ্ষত অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ অধীনৰ নৱম আৰু দশম শ্ৰেণীৰ কে’বাখনো পাঠ্যপুথিত ব্যাপক সালসলনি ঘটোৱা হৈছে। ফলত চলিত শিক্ষা বর্ষত প্রচলিত হৈ থকা কে’বাখনো কিতাপ নতুন শিক্ষাবর্ষত মূল্যহীন হৈ পৰিব।
যোৱা বছৰ ছপোৱা এনে কিতাপৰ ভিতৰত আছে গণিত, সংস্কৃত, দ্রুত পাঠ, সমাজ বিজ্ঞান, উচ্চ গণিত আদি। ইয়াৰ ফলত আগন্তুক বৰ্ষত কে’বাখনো নতুন কিতাপেৰে ছাত্ৰ-ছাত্ৰীয়ে মেট্রিকত অবতীর্ণ হ’ব লাগিব। বিভাগটোৰ তথ্য অনুসৰি, নৱম আৰু দশম শ্ৰেণীৰ গণিতৰ পাঠ্যপুথিত বৃহৎ সালসলনি হ’ব।
নৱম শ্ৰেণীৰ ঐচ্ছিক বিষয় সংস্কৃতৰ পাঠ্যপুথিখন সম্পূর্ণ সলনি হ’ব। একেদৰে নৱম আৰু দশম শ্ৰেণীৰ ‘বৈচিত্র্যময় অসম’ নামৰ দ্রুতপাঠখনো সলনি কৰা হ’ব। ইপিনে, কে’বাটাও সূচী সলনি হ’ব নৱম আৰু দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ কিতাপখনৰ তৃতীয় খণ্ডটো।
সলনি হ’ব নৱম শ্ৰেণীৰ উচ্চ গণিতৰ সূচীও।এইবোৰৰ উপৰি দশম শ্ৰেণীৰ কাৰ্বি আধুনিক ভাৰতীয় ভাষাৰ কিতাপখনো। একেদৰে গাৰো আধুনিক ভাৰতীয় ভাষাৰ কিতাপখনো। ইপিনে, এইবাৰ নতুনকৈ অন্তর্ভুক্ত কৰা হৈছে ডিমাচা ঐচ্ছিক বিষয়।
গতিকে কিতাপ আৰু সূচীৰ ব্যাপক সালসলনিৰ মাজতে নৱম শ্ৰেণীৰ ঐচ্ছিক বিষয় হিচাপে ডিমাচা ভাষাৰ অধ্যয়নে নতুনকৈ ভূমুকি মাৰিব।
পাঠ্যপুথিৰ এনে সালসলনিৰ বিপৰীতে এই পর্যন্ত বিদ্যালয় শিক্ষা বিভাগে সংশোধিত কিতাপৰ ভিত্তিত পাঠ্যক্রম প্রকাশ কৰা নাই। প্রসংগক্রমে উল্লেখ্য যে একাংশ পাঠ্যপুথিত ভাৰতীয় সভ্যতা- সংস্কতিক প্রাধান্য দি পাঠ্যসূচী অন্তর্ভুক্তকৰণৰ বাবে চৰকাৰে তৎপৰতা চলাই আহিছে। তাকে লৈ বিতৰ্কৰো সূত্রপাত হৈ আহিছে।
আনহাতে, একাংশ সূচীত নতুন শিক্ষানীতি অনুসৰি সংশোধিত তথ্য সংযোগৰ ব্যৱস্থা কৰা হৈছে। এই সকলোবোৰ মিলাই পাঠ্যপুথিত সালসলনি ঘটোৱাৰ সিদ্ধান্ত লোৱা হৈছে।
