প্রতিষ্ঠিত দলক মষিমূৰ কৰি নেপালত বৃহৎ বিজয় আৰএছপিৰ

প্ৰধানমন্ত্ৰী হোৱাৰ দিশে বলেন্দ্র শ্বাহ

Balen Shah mayor candidate4

ভাৰত-চীন আৰু আমেৰিকা যুক্তৰাষ্ট্র বিদ্বেষী বলেন্দ্র শ্বাহ চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ প্ৰধানমন্ত্ৰী হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈছে। সংগীত শিল্পীৰূপে বিপুল জনপ্রিয়তা থকা মৈথিলী ভাষা কোৱা শ্বাহ নেতৃত্বাধীন নবগঠিত ৰাষ্ট্ৰীয় স্বতন্ত্র পার্টি (আৰএছপি) য়ে নেপালৰ এইবাৰৰ নিৰ্বাচনত চমক সৃষ্টি কৰি অধিকাংশ আসন দখল কৰাৰ সম্ভাৱনা প্রবল হৈছে।

এই বাতৰি লিখা পৰলৈকে আৰএছপিয়ে মুঠ ১৬৫ আসনৰ ৯৪ খনত অগ্রগতি লাভকবি আছে। আনহাতে নেপালী কংগ্রেছে এখনত জয়লাভ কৰাৰ বিপৰীতে ১০ খনত আৰু বাঁওপন্থী চিপিএন-ইউএমএল দলে সাতখন আসনত অগ্রগতি লাভ কৰি আছে। ভোটগণনা বর্তমানেও অব্যাহত আছে।

উল্লেখ্য যে নৱ প্রজন্ম (জেন-জি) হিংসাত্মক প্রতিবাদে কে পি শৰ্মা আ’লি চৰকাৰক ক্ষমতাৰ পৰা উৎখাত কৰাৰ পাছত প্ৰথমবাৰৰ বাবে ক্ষুদ্ৰ ৰাষ্ট্ৰখনত নির্বাচন অনুষ্ঠিত হৈছে। তদুপৰি এইবাৰ দেশখনত প্ৰথমবাৰৰ বাবে বিজয়ী প্রার্থীয়ে ৫০ শতাংশ অধিক ভোট লাভনকৰিলেও সর্বাধিক ভোট পালেই জয়লাভ কৰা পদ্ধতিৰে নিৰ্বাচন অনুষ্ঠিত হয়।

দেশখনৰ এই নিৰ্বাচনৰ সবাতোকৈ উল্লেখনীয় দিশটো হ’ল যে নৱগঠিত আৰএছপিয়ে ইতিহাসতে সর্বাধিক আসন লাভ কৰি জয়লাভ কৰিবলৈ অগ্ৰসৰ হৈছে। স্বাভাৱিকতে এই নির্বাচনত জেন-জিৰ প্ৰতিবাদৰ প্ৰভাৱ পৰে। উল্লেখ্য যে প্ৰধানমন্ত্ৰীৰ আসনত উপবিষ্ট হ’বলৈ অগ্ৰসৰ হোৱা বলেন্দ্ৰ শ্বাহে ভাৰতত চিভিল আৰু নিৰ্মাণ অভিযান্ত্ৰিকৰ শিক্ষা গ্রহণ কৰা।

সম্প্রতি তেওঁৰ বয়স হৈছে মাথোঁ ৩৫ বছৰ। শ্বাহ ভাৰত বিদ্বেষী হোৱাৰ পৰিপ্ৰেক্ষিতত নেপালৰ এই নির্বাচনত নতুন দিল্লীয়ে সূক্ষ্ম নিৰীক্ষণ ৰখা বুলি চর্চা হৈছে।

Exit mobile version