Guwahati:✒️ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা মাহ থকা অৱস্থাত জিলা প্ৰশাসন পৰ্যায়ত এচিএছ বিষয়াক ব্যাপক সালসলনি ৷ এচিএছ বিষয়া বেদান্ত বিকাশ বৰাক কাৰ্বি আংলঙৰ সহঃ আয়ুক্ত ৰূপে বদলি ৷ এচিএছ বিষয়া পৃথ্বীৰাজ শইকীয়াক ন দুৱাৰ সমজিলাৰ সহঃ আয়ুক্তৰ দায়িত্ব ৷ সৰুপথাৰ সমজিলা আয়ুক্ত মনোৰমা মৰাণক গোলাঘাট জিলাৰ এডিচি হিচাপে বদলি ৷
আনহাতে গোলাঘাট জিলাৰ এডিচি মিতালি লহকৰক সৰুপথাৰৰ সমজিলা আয়ুক্ত ৰূপে বদলি ৷দিল্লীৰ অসম ভৱনত কৰ্মৰত উপ- আবাসীক আয়ুক্ত ৰূপে কৰ্মৰত বেণু মুছাহাৰীক বিটিচি সচিবালয়ৰ যুটীয়া সচিবৰ দায়িত্ব ৷ এচিএছ বিষয়া জংমিৰ ৰংফাৰপিক তিনিচুকীয়াৰ এডিচি হিচাপে বদলি ৷
