AJP:১২টা সমষ্টি প্ৰাৰ্থীত্ব আগবঢ়াব অসম জাতীয় পৰিষদে

১২মাৰ্চত ঘোষণা কৰিব প্ৰাৰ্থী তালিকা

WhatsApp Image 2026 03 07 at 3.22.46 PM

AJP:

দিছপুৰৰ পৰা বিজেপিক উৎখাত কৰাৰ লক্ষ্যৰে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা চাৰিদলীয় মিত্ৰজোঁটৰ আসন বুজাপৰা সম্পন্ন হোৱাৰ পিছত শুকুৰবাৰে গুৱাহাটী মহানগৰীৰ এখন হোটেল এপিচিচি সভাপতি গৌৰৱ গগৈ,অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ, চিপিএমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ আৰু এপিএইছএল চিৰ মুৰব্বী জন ইংতি কাথাৰে একেলগে সম্বোধন কৰে এক সংবাদমেল ৷ ইতিমধ্যে অজাপৰ স’তে কংগ্ৰেছৰ ১২ আসনৰ বুজাপৰাত মোহৰ পৰাৰ পিছত ১২মাৰ্চত প্ৰাৰ্থী তালিকা ঘোষণা কৰিবলৈ সাজু হৈছে অজাপ ৷ ঘোষণা কৰিবলগীয়া সমষ্টি কেইটা হ’ল শদিয়া, ডিব্ৰুগড়, খোৱাং, মাহমৰা, সৰুপথাৰ, বিন্নাকান্দি, বঢ়মপুৰ, গুৱাহাটী চেন্ট্রেল, পলাশবাৰী, বজালী, ধেমাজি, মৰিগাঁও ৷

উল্লেখ্য যে অজাপৰ এক সূত্ৰই দাবী কৰা মতে অহা সপ্তাহৰ মাজভাগত অগপৰ এজন শীৰ্ষ নেতা তথা বিধায়কে অজাপত যোগদান কৰিব ৷ একেদৰে বিধায়কজনৰ স’তে যোগদান কৰিব আন কে’বা গৰাকী নেতা- কৰ্মীয়ে ৷

Exit mobile version