Karbianglong:প্ৰশিক্ষণ উৰণতেই বিপৰ্যয়! ভূপতিত যুদ্ধ বিমান

WhatsApp Image 2026 03 07 at 5.21.20 PM

Karbianglong:

আশংকা দুর্ভাগ্যজনকভাবে বাস্তৱত পৰিণত হ’ল। সম্প্ৰতি কাৰ্বি আংলঙৰ এক দুর্গম স্থানত ভূপতিত হোৱা ভাৰতীয় বায়ুসেনাৰ অত্যাধুনিক ছুখই ৩০এমকেআই যুদ্ধ বিমানখনৰ দুই বৈমানিক তথা বায়ুসেনা বিষয়াৰ মৃত্যু হয়। কালি ঘটনাস্থলীৰ পৰা বৈমানিকদ্বয়ৰ অগ্নিদগ্ধ ছিন্ন-ভিন্ন মৃতদেহৰ অংশ উদ্ধাৰ হয়। এই খবৰ বিয়পি পৰাৰ লগে লগে চৌদিশে শোকৰ পৰিবেশ সৃষ্টি হৈছে। দুর্ভগীয়া বৈমানিকদ্বয়ৰ পৰিয়ালত হাহাকাৰ ধ্বনি উঠিছে। দুর্ভগীয়া বৈমানিকদ্বয়ক স্কোৱাৰ্ডন লীডাৰ অনুজ আৰুফ আৰু ফ্লাইট লেফটেনেন্ট পূর্বেশ দুৰাগকাৰ বুলি চিনাক্ত কৰা হৈছে।

প্রতিৰক্ষা বাহিনীৰ সূত্রই প্রকাশ কৰা অনুসৰি, শুকুৰবাৰে সন্ধিয়া যোৰহাটৰ ৰবৈয়াস্থিত বায়ুসেনা কেন্দ্ৰৰ পৰা নিয়মীয়া অনুশীলনৰ অংশৰূপে চাৰিখন ছুখই যুদ্ধ বিমান উৰা মাৰে। ইয়াৰে তিনিখন বিমান উভতি আহে যদিও আনখন শুংসূত্রহীন হৈ পৰে। এই বিমানখনেই কাৰ্বি আংলঙৰ চকীহোলা আৰক্ষী থানাৰ অন্তৰ্গত শান্তিলাংছ’ৰ দুর্গম কালাপাহাৰত ভূপতিত হয়। এই সম্পর্কত প্রতিৰক্ষা বাহিনীৰ জনসম্পৰ্কৰক্ষী বিষয়া মহেন্দ্র বাউটে জনায় যে কালি সন্ধিয়া ৭.৪২ বজাত বিমানখনৰ স’তে সংযোগ বিচ্ছিন্ন হয়।

আনহাতে, শান্তিলাংছ’ৰ পাহাৰৰ পৰা সন্ধিয়া ভাহি অহা এক বিকট শব্দ চৌপাশ কঁপাই তোলে। ইয়াৰ লগে লগে স্থানীয় লোকে শব্দৰ উৎসস্থলীত একুৰা প্ৰকাণ্ড জুই দেখিবলৈ পায়। নিশাই ঘটনাস্থলীত বায়ুসেনা, আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হয়। আজি ঘটনাস্থলীত উপস্থিত হয় কাৰ্বি আংলং জিলাৰ আয়ুক্ত আৰণ্যক শইকীয়া আৰু আৰক্ষী অধীক্ষক পুষ্পবাম সিং।

অৱশ্যে দেশব বায়ুসেনাৰ অন্যতম শক্তিস্তম্ভ ছুখই ৩০এমকেআই শ্ৰেণীৰ এই বিমানখন ভূপতিত হোৱাৰ কাৰণ পোহৰলৈ অহা নাই। ঘটনা সন্দর্ভত বায়ুসেনাই তদন্ত আৰম্ভ কৰিছে বুলি সূত্রই প্রকাশ কৰিছে। বিমানখন ভূপতিত হোৱাৰ লগে লগেই ভাঙি খণ্ড-বিখণ্ড হৈ পৰে আৰু লগে লগে প্রচণ্ড জুয়ে আগুৰি ধৰে।

এই মর্মান্তিক ঘটনাক লৈ প্ৰতিৰক্ষা মন্ত্রী বাজনাথ সিঙসহ বহুতে শোক প্রকাশ কৰিছে। সামাজিক মাধ্যমত সিঙে কয়, ‘এই করুণ দুর্ঘটনাত দুজনকৈ বৈমানিক হেৰুওৱাত গভীৰভাৱে মর্মাহত হৈছো। তেওঁলোকৰ সাহস আৰু ৰাষ্ট্ৰৰ প্রতি সেৱাক সদায় গৌৰৱ আৰু কৃতজ্ঞতাৰে সোঁৱৰণ কৰা হ’ব।’ একেদৰে ভাৰতীয় বাসুসেনাই কয়, ‘ভাৰতীয় বায়ুসেনাৰ সকলো বিষয়া-জোৱান আৰু কৰ্মচাৰীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জনাইছে। শোকসন্তপ্ত পৰিয়ালবৰ্গৰ স’তে আমি আছো।’

ইপিনে, স্থানীয় লোকে কয়, ‘আমি পাহাৰৰ পৰা ভাহি অহা বিকট শব্দত জিকাৰ খাই উঠিছিলো। তাৰ লগে লগে আমি এক প্রকাণ্ড অগ্নিপিণ্ড দেখিবলৈ পাওঁ।’

# ২০২৩ৰ পাছত তৃতীয়টো শোকাৱহ ঘটনা

কাৰ্বি আংলঙত ভাৰতীয় বায়ুসেনাৰ যুদ্ধ বিমানৰ এই শোকাবহ দুর্ঘটনাই সমগ্র দেশবাসীক ম্রিয়মাণ কৰিছে। উল্লেখ্য যে সম্প্রতি ভাৰতীয় বায়ুসেনাই ছুখই-৩০এমকেআই শ্রেণীৰ ২৬০ৰো অধিক বিমান ব্যৱহাৰ কৰি আছে। বাছিয়াত নির্মিত এই বিমান প্রথমে ১৯৯৭ত ভাৰতীয় বায়ুসেনাত অন্তর্ভুক্ত কৰা হয়। পৰৱৰ্তী সময়ত ২০০৪ত ভাৰতত ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান হিন্দুস্তান এব’নটিকছ লিমিটেডে দুটা ইঞ্জিনযুক্ত এই শ্ৰেণীৰ বিমান উৎপাদনৰ কাম আৰম্ভ কৰে। উক্ত বছৰৰ নৱেম্বৰত প্ৰথমখন এই শ্ৰেণীৰ যুদ্ধ বিমান বায়ুসেনাত অন্তর্ভুক্ত কৰা হয়। উল্লেখ্য যে ২০২৩ৰ জানুৱাৰীত মধ্যপ্ৰদেশৰ গোৱালিয়ৰ বায়ুসেনা ঘাটিৰ পৰা উৰা মৰাৰ কিছু সময়ৰ পাছতে এই শ্ৰেণীৰ এখন বিমান ভূপতিত হৈছিল। তাৰ পাছতে ২০২৪ৰ জুনত মহাৰাষ্ট্ৰৰ নাছিকত আন এখন ছুখই বিমান দুর্ঘটনাগ্রস্ত হয়। কালিৰ কাৰ্বি আংলঙৰ ঘটনাটোক ধৰি এই তিনিটা বছৰতে তিনিটাকৈ ছুখই বিমানৰ দুর্ঘটনা সংঘটিত হয়। অত্যাধুনিক ছুখই বিমানক উত্তৰ আটলান্টিক চুক্তি সংস্থা নাটোরে ‘ফ্লেংকাৰ’ সাংকেতিক নাম দিছে। এই বিমানত সংযুক্ত ইঞ্জিন দুটা হ’ল এএল-৩১এফপি টার্ব’ফেন ইঞ্জিন। ইয়াৰ ইঞ্জিন দুটাই বিমানখনৰ ওজনতকৈ অধিক শক্তিৰ সৃষ্টি কৰে। ফলত এই বিমানৰ কাৰ্যদক্ষতা বহুগুণে বৃদ্ধি পায়। এই শ্ৰেণীৰ বিমানে সাগৰৰ স্তৰত ঘণ্টাত ১,৩৫০ কিলোমিটাৰ বেগত যাত্ৰা কৰিব পাৰে। অর্থাৎ বিমানখনে উবন্ত অবস্থাত সৃষ্টি কৰা শব্দতকৈ অধিক বেগত যাত্ৰা কৰিব পাৰে। বিমানখনত স্বাভাবিক ইন্ধন থকাৰ সময়ত তিনি হেজাৰ কিলোমিটাৰ পর্যন্ত যাত্রা কৰিব পাৰে। পুনৰ ইন্ধন ভৰোৱাৰ পাছত এই যাত্রা পথৰ দৈর্ঘ্য ৫,২০০ কিলোমিটাৰলৈ বিমানখনে বৃদ্ধি কৰিব পাৰে। তদুপৰি মাজ আকাশতে ইন্ধন ভৰোৱাৰ পাছত এই শ্রেণীৰ বিমানে আঠ হেজাৰ কিলোমিটাৰ পর্যন্ত যাত্রা কৰিব পাৰে। আনকি ১০ ঘণ্টা ধৰি আকাশত উৰি থাকিবও পাৰে ছুখই-৩০এমকেআই বিমানে। ১০ দিন পূর্বে পৰিয়ালক সাক্ষাৎ কৰিছিল দুৰ্ভগীয়া পূর্বেশে কালি কাৰ্বি আংলঙৰ দুখই বিমানৰ দুর্ঘটনাত প্রাণ হেৰুওৱা দুই দুর্ভগীয়া বৈমানিকৰ অন্যতম পূর্বেশ আছিল মহাৰাষ্ট্ৰৰ নাগপুৰৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ২৮ বছৰ। মৃত্যুৰ মাথোঁ ১০ দিন পূর্বে তেওঁৰ স’তে পৰিয়ালৰ শেষ সাক্ষাৎ ঘটে। তেওঁৰ পিতৃ ৰবীন্দ্ৰ দুৰাগকাৰে সাংবাদিকৰ আগত কয়, ‘মোৰ পুত্ৰক লৈ আমি গৌৰৱান্বিত। তেওঁ ৰাষ্ট্ৰৰ সেবাত প্রাণ বিসর্জন দিলে।’ উল্লেখ্য যে দুবছৰ পূৰ্বে বিষয়াজন তেজপুৰ বায়ুসেনা কেন্দ্রত নিযুক্ত হৈছিল। তেজপুৰ বায়ুসেনা কেন্দ্রত ৰাণৱে মেৰামতিৰ কাম চলি থকাৰ বাবে তেওঁ যোৰহাট বায়ুসেনা কেন্দ্ৰৰ পৰা কাম কৰিবলগীয়া হয়। তেনে অবস্থাতে শোকাবহভাবে মৃত্যুক আঁকোৱালি ল’বলগীয়া হয়। বায়ুসেনাত মকবলৰ পাছত পূর্বেশে প্রথমে হায়দৰাবাদ আৰু পাছত ছমাহ কর্ণাটকত প্রশিক্ষণ গ্রহণ কৰিছিল। পহলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ পাছত যোৱা বছৰৰ সাত মে’ত ভাবতে পাকিস্তানৰ বিৰুদ্ধে ঘোষণা অপাৰেছন সিন্দূৰতো অংশ লৈছিল পূর্বেশে। এই কথা সদৰী কৰি তেওঁৰ শোকসন্তপ্ত পিতৃয়ে কয়, ‘অপাৰেছন সিন্দুৰত মোৰ পুত্ৰই অংশ লোৱাৰ কথা প্রথমে জনা নাছিলো। এই অভিযান চলি থকাৰ সময়ত তেওঁ লগত নিজৰ ম’বাইল ফোন ৰখা নাছিল। গতিকে অভিযান চলি থকাৰ সময়ত তেওঁৰ স’তে আমি যোগাযোগ কৰিব পৰা নাছিলো।’ পৰৱৰ্তী সময়ত তেওঁ তেজপুৰত নিযুক্ত হৈছিল।

Exit mobile version