Ratul Kalita:ৰাজিৱ ভৱনত সেৱা জনাই কংগ্ৰেছ এৰিলে এপিচিচিৰ জ্যেষ্ঠ মুখপাত্ৰ ৰাতুল কলিতাই

বিজেপিত যোগদানৰ সম্ভাৱনা

WhatsApp Image 2026 03 07 at 1.28.52 PM

Ratul Kalita:

নলবাৰীৰ টিকট বঞ্চিত এপিচিচিৰ জ্যেষ্ঠ মুখপাত্ৰ তথা নিখিল ভাৰত কংগ্ৰেছৰ সদস্য ৰাতুল কলিতাই কংগ্ৰেছৰ পৰা পদত্যাগ কৰে ৷ মহানগৰীৰ জিএছ ৰোডস্থিত ৰাজিৱ ভৱনত সেৱা জনাই বিদায় লয় যুৱ নেতাজনে I

উল্লেখ্য যে নলবাৰী বিধানসভা আসন খনৰ বাবে প্ৰৱল দাবীদাৰ আছিল কংগ্ৰেছৰ বলিষ্ঠ নেতাজন ৷ কিন্ত শেহতীয়াকৈ কংগ্ৰেছে ঘোষণা কৰা প্ৰথম প্ৰাৰ্থী তালিকাত ৰাতুল কলিতাৰ পৰিৱৰ্তে প্ৰাৰ্থীত্ব লাভ কৰে ন-কংগ্ৰেছী অশোক শৰ্মাই ৷ ইয়াৰ পিছত সামাজিক মাধ্যমযোগে ক্ষোভ উজাৰি কলিতাই কয় আৰএছএছ নেতাজনে কি যোগ্যতাৰ বলত দলীয় টিকট লাভ কৰিছে। সৰ্বসাধাৰণ পৰিয়ালৰ লোকৰ মূল্য নাই কংগ্ৰেছত।

আনহাতে কংগ্ৰেছ দল ত্যাগ কৰে নেতাজনে দুই- এদিনৰ ভিতৰত গেৰুৱা বসন পিন্ধাৰ সম্ভাৱনা আছে ৷ এই সম্পৰ্কত নলবাৰীৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ স’তে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছিল ৰাতুল কলিতা ৷

Exit mobile version