Ashirwad Yatra:✒️আগন্তুক পাঁচ বছৰত অসমক এখন সমস্যাবিহীন ৰাজ্যৰূপে গঢ়ি তোলাৰ লক্ষ্য লোৱা বুলি ব্যক্ত কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। আসন্ন বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা নৌহওঁতেই ৰাজ্যত বৃদ্ধি পোৱা ৰাজনৈতিক উত্তাপৰ মাজতে কালি মুখ্যমন্ত্ৰীৰ নেতৃত্বত গোলাঘাট জিলাত বিজেপিয়ে ‘জন আশীর্বাদ যাত্রা’ উলিয়ায়।
এই যাত্ৰাৰ সময়ত মুখ্যমন্ত্ৰীয়ে মেৰাপানীৰ চাৰি নম্বৰ গমাৰিগুৰিত এখন সভাত অংশগ্রহণ কৰে। সভাত ভাষণত মুখ্যমন্ত্রীয়ে কয়, ‘বিজেপি চৰকাৰৰ দ্বিতীয়টো কার্যকাল ইতিমধ্যে অন্ত পৰিছে। বিগত কালত যিসমূহ কাম কৰিবলৈ বাকী থাকিল, সেইসমূহ অহা পাঁচ বছৰত সম্পূৰ্ণ কৰা হ’ব। বিজেপি চৰকাৰৰ যিসমূহ আঁচনি ৰূপায়ণ কৰা হৈছে, সেইসমূহ অহা কার্যকালত দুগুণ বৃদ্ধি কৰা হ’ব আৰু অসমক এখন সমস্যাবিহীন ৰাজ্যৰূপে গঢ়ি তোলা হ’ব।’
এই যাত্ৰাৰ সময়ত ৰাজ্যৰ আঠখন জিলাৰ ২৩টা বিধানসভা সমষ্টিক সামৰি ৬২৫ কিলোমিটাৰ পথ অতিক্ৰম কৰা হৈছে বুলিও মুখ্যমন্ত্রীয়ে উল্লেখ কৰে। শনিবাৰে যাত্রা কালত সৰুপথাৰ, বৰপথাৰ, দৈয়াং, ফৰকাটিং আদি অঞ্চল পৰিভ্ৰমণ কৰে দলে। দৈয়াঙত এখন সভাত ভাষণ দি মুখ্যমন্ত্রীয়ে কয় যে পুনৰ বিজেপি ক্ষমতালৈ আহিলে আগন্তুক পাঁচ বছৰত হিতাধিকাৰীসকলক বিনামূলীয়াকৈ দাইল-চেনি-মিঠাতেল দিয়া হ’ব।
লক্ষ্যণীয় যে মাথোঁ কিছুদিন পূর্বে স্বয়ং উচ্চতম ন্যায়ালয়ে নির্বাচনৰ প্ৰাকক্ষণত বিভিন্ন দলে বিনামূলীয়া আঁচনি প্রতিশ্রুতি দিয়াক লৈ বিষোদগাৰ প্ৰকাশ কৰে। এই বিষোদগাৰ প্ৰকাশৰ সময়ত দেশৰ মুখ্য ন্যায়াধীশ সূর্য কান্ত নেতৃত্বাধীন উচ্চতম ন্যায়ালয়ৰ এখন তিনিজনীয়া বিচাৰপীঠে ক্ষোভেৰে কয়, ‘বিনামূলীয়াকৈ খাবলৈ পালে, চাইকেল পালে কোনে কাম কৰিবলৈ ইচ্ছা কৰিব। দেশত কর্মসংস্কৃতিৰ প্ৰতি বিৰাগবোধৰ পৰিৱেশ গঢ় ল’বলৈ গৈ আছে।’
তৎসত্ত্বেও মুখ্যমন্ত্রীয়ে কালি ভাষণত পুনৰ ভোটাৰৰ মন মোহাৰ উদ্দেশ্যে এনে বিনামূলীয়া আঁচনিৰ প্রতিশ্রুতি দিয়া কথাই ব্যাপক চর্চা লাভ কৰিছে। তদুপৰি তেওঁ দৈয়াঙত দিয়া ভাষণত অঞ্চলটোৰ মূল সমস্যা ভূমি সমস্যা আৰু অসম-নগালেণ্ডৰ সীমা সমস্যাৰ বিষয়ে ঘুণাক্ষৰেও ভাষণত উল্লেখ নকৰিলে।
অৱশ্যে এই যাত্রাত অংশ লোৱা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত কয়, ‘ৰাজ্যত পুনৰ বিজেপি চৰকাৰ গঠন হ’লে দৈয়াঙৰ খিলঞ্জীয়া ৰাইজৰ ভূমি পট্টনৰ সমস্যা সমাধানৰ ব্যৱস্থা কৰা হ’ব। নেঘেৰিকলৰ উচ্ছেদক লৈ ৰাইজে যি বিচাৰে সেয়াই হ’ব।’
মুখ্যমন্ত্রীয়ে লগতে কয়, ‘আজি গোলাঘাটে ইতিহাস ৰচিলে। জন আশীর্বাদ যাত্রালৈ গোলাঘাটবাসীৰ স্বতঃস্ফূর্ত সঁহাৰি আৰু বিজেপিৰ প্ৰতি দেখুওৱা মৰম-স্নেহত মই অভিভূত। ইতিহাস প্রসিদ্ধ গোলাঘাটৰ এই যাত্রা হৃদয় জুৰোৱা। ৰাইজক মই প্রণাম জনাইছো। সঁচাকৈয়ে এই ভালপোৱাই মোক স্মৃতিকাতৰ কৰি তুলিলে।’ যাত্ৰাত অংশ লোৱা মহিলাসকলক প্রশংসা কৰি তেওঁ লগতে কয়, ‘নাৰী কেৱল শক্তি নহয়, নাৰীয়ে ইতিহাস গড়ে। মন ভৰি উঠিল।’
এই যাত্রাত অংশগ্ৰহণ কৰাৰ সময়ত মুখ্যমন্ত্রীয়ে খোলা জীপচী গাড়ীত উঠি দলীয় কর্মীয়ে দিয়া আইচক্রিম খোৱাৰ লগতে উপহাৰ পোৱা বাঁহীও বজায়। সন্ধিয়া যাত্রাই গোলাঘাট নগৰত প্ৰৱেশ কৰে। গায়ন-বায়ন, আয়তীৰ উকলি, ধ্বনি আদিৰে মুখ্যমন্ত্রীক বিজেপি কর্মীসকলে আদৰণি জনায়।
আনহাতে, বিজেপিৰ তথ্য অনুসৰি, দলৰ এই জন আশীৰ্বাদ যাত্ৰাত প্রথম ছদিনতে ১০ লাখবো অধিক লোকে অংশগ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে অসমৰ উন্নয়নৰ যাত্ৰাৰ প্ৰতি জনতাৰ কৃতজ্ঞতা প্রকাশ পাইছে বুলি দলে আখ্যা দিছে। দলে লগতে কয় যে এই যাত্ৰাৰ সময়ত সকলো স্থানতে যুৱক-যুৱতী আৰু নাৰী শক্তিৰ ব্যাপক উৎসাহ দেখা গৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ‘সবকা সাথ, সবকা বিকাশ’ দৃষ্টিভংগী পথ অনুসৰণ কৰি অসমে আন্তঃগাঁথনি, স্বাস্থ্য, শিক্ষা আৰু যোগাযোগৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা লাভ কৰিছে বুলিও দলে দাবী কৰিছে।
দলে লগতে কয় যে ৰাজপথত উঠলি উঠা মৰম আৰু সমর্থনে এই যাত্ৰাক জনতাৰ কণ্ঠস্বৰত পৰিণত কৰিছে। আজিৰ দলৰ জন আশীর্বাদ যাত্রাত বিত্তমন্ত্রী অজন্তা নেওগ, সাংসদ কামাখ্যা প্রসাদ তাছা, সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন আদিয়েও অংশগ্রহণ কৰে। এই যাত্রাই গেলাবিল হৈ চাংখাটী, তেলিশাল, কাছমাৰী, আমগুৰি, চাউদাং পথাৰৰ মাজেৰে পৰিভ্ৰমণ কৰে।
