Popular YouTuber:✒️জনপ্ৰিয় ইউটিউবাৰ আৰু সামাজিক মাধ্যমৰ কনটেন্ট ক্রিয়েটৰ অনুৰাগ ডোবাল(Anurag Dobhal) যাক অনুৰাগীৰ মাজত ‘UK07 Rider’ নামেৰে জনা যায়, তেওঁ আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা নিজৰ প্ৰথম ভিডিঅ’ প্ৰকাশ কৰিছে।
সেই ভিডিঅ’ত তেওঁক চিকিৎসালয়ৰ বিচনাত শুই থকা অৱস্থাত দেখা যায় আৰু তেওঁ হাঁহিমুখে অনুৰাগীসকলক ধন্যবাদ জনোৱা দেখা যায়।
তথ্য অনুসৰি, অনুৰাগে কিছুদিন ধৰি মানসিক চাপ আৰু ব্যক্তিগত সমস্যাৰ মাজেৰে পাৰ হৈ আছিল। ঘটনাৰ দিনা অৰ্থাৎ কালি তেওঁ সামাজিক মাধ্যমত লাইভ ভিডিঅ’ কৰি গাড়ী চলাই আছিল। সেই সময়ত গাড়ীখন যথেষ্ট বেগত চলাই থকা দেখা যায়। কিছু সময়ৰ পাছতে গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ডিভাইডাৰত খুন্দা মাৰে ।
দুৰ্ঘটনাৰ পাছত তেওঁক তৎক্ষণাৎ চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হয়। চিকিৎসকসকলে জনোৱা মতে, তেওঁ আঘাত পাইছে যদিও বৰ্তমান তেওঁৰ স্বাস্থ্য স্থিতিশীল।
চিকিৎসালয়ৰ পৰা প্ৰকাশ কৰা শেহতীয়া ভিডিঅ’ত অনুৰাগে অনুৰাগীসকলক সমৰ্থন আৰু শুভেচ্ছাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে। তেওঁ সুস্থ হৈ উভতি অহাৰ আশ্বাসো দিছে।
এই ঘটনাই সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। বহু অনুৰাগী আৰু সহশিল্পীয়ে তেওঁৰ দ্ৰুত আৰোগ্য কামনা কৰিছে আৰু মানসিক স্বাস্থ্যৰ বিষয়ে নতুনকৈ আলোচনা আৰম্ভ হৈছে।
