ইজৰাইলী এয়াৰ ষ্ট্ৰাইকত কঁপি উঠিল তেহৰান

তেল ডিপোত ভয়ংকৰ বিস্ফোৰণ

IMG 20260308 185143

Iran-Israel War:✒️মধ্যপ্ৰাচ্যত চলি থকা সংঘাতৰ মাজতে ইৰাণৰ (Iran) ৰাজধানী তেহৰানত (Tehran) ইজৰাইলী এয়াৰ ষ্ট্ৰাইকে ভয়ংকৰ বিস্ফোৰণ আৰু জুইৰ সৃষ্টি কৰিছে।

তথ্য অনুসৰি, তেহৰানৰ একাধিক তেল সংৰক্ষণ কেন্দ্ৰ লক্ষ্য কৰি এই আক্রমণ চলোৱা হয়। আক্ৰমণৰ পিছতেই অঞ্চলটোত বিশাল জুইৰ শিখা আৰু ঘন কলা ধোঁৱা দেখা যায়।

স্থানীয় সংবাদমাধ্যম আৰু সামাজিক মাধ্যমত প্ৰকাশ পোৱা ভিডিঅ’ত দেখা গৈছে যে বিস্ফোৰণৰ ফলত তেলৰ টেংকৰসমূহত তীব্ৰ জুই লাগে আৰু বহু দূৰলৈ ধোঁৱা বিয়পি পৰে। জুইৰ তীব্ৰতাৰ ফলত ৰাজধানীৰ আকাশ বহু সময় ধৰি ধোঁৱাই আৱৰি থাকে।

তথ্য অনুসৰি, এই আক্রমণত কেবাজনো লোক আহত হৈছে আৰু তেল সংৰক্ষণ ব্যৱস্থাত উল্লেখযোগ্য ক্ষতি সাধন হৈছে। বিস্ফোৰণৰ ফলত বিষাক্ত ধোঁৱা বায়ুমণ্ডলত বিয়পি পৰাৰ আশংকাও প্ৰকাশ কৰা হৈছে।

ইফালে ইৰাণ(Iran) আৰু ইজৰাইল(Israel)ৰ মাজত চলি থকা সামৰিক উত্তেজনা ক্ৰমে বৃদ্ধি পাইছে। দুয়ো পক্ষই ড্ৰ’ন আৰু ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰি একাধিক আক্রমণ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে।

বিশেষজ্ঞসকলৰ মতে, তেল সংৰক্ষণ স্থাপন লক্ষ্য কৰি চলোৱা এই ধৰণৰ আক্রমণে সমগ্ৰ পশ্চিম এছিয়াত ৰাজনৈতিক আৰু সামৰিক পৰিস্থিতি অধিক জটিল কৰি তুলিব পাৰে। ইয়াৰ প্ৰভাৱ বিশ্ব তেল বজাৰতো পৰাৰ সম্ভাৱনা আছে।

Exit mobile version