চলিত বিত্তীয় বর্ষত ধার্য লক্ষ্যৰ ৫০ শতাংশ পথো নির্মাণ নহ’ল অসমত 

IMG 20260308 123515

অসমৰ ৰাষ্ট্ৰীয় পথত টোলগেট স্থাপনৰে ৰাইজক লুটিবলৈ উঠি-পৰি লাগিলেও পথ নির্মাণ কার্যত শামুকীয়া গতি অব্যাহত আছে নির্মাণকাৰী সংস্থা তথা চৰকাৰৰ। ইয়াৰ পৰিণতিত এইবাৰো নিৰ্মাণ লক্ষ্য সম্পূর্ণ নহ’ল। চলিত বিত্তীয় বৰ্ষৰ অন্ত পৰিবলৈ মাজত মাত্র তিনি সপ্তাহ বাকী।

এনে অৱস্থাতো অসমত লক্ষ্য পূৰণ হ’বলৈ ৫০ শতাংশবো অধিক দৈর্ঘ্যৰ পথ নির্মাণ কৰিবলৈ বাকী আছে। বিগত দিনবোৰৰ কামৰ গতিৰ নমুনাৰ ভিত্তিত তিনি সপ্তাহৰ ভিতৰত এই বৃহৎ দৈৰ্ঘ্যৰ পথ নির্মাণ সম্পূর্ণ কৰাটো যে সম্ভৱ নহয় সেয়া নিশ্চিত। অসমত ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণৰ লগত তিনিটা সংস্থা জড়িত হৈ আছে।

এইকেইটা হ’ল-ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্রাধিকৰণ (এনএইছআইএ), ৰাষ্ট্রীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড (এনএইছআইডিচিএল) আৰু অসম চৰকাৰৰ লোকনির্মাণ (ৰাষ্ট্রীয় পথ) বিভাগ। এই তিনিওটা সংস্থাৰ বাবে চলিত বিত্তীয় বৰ্ষত নির্মাণ কৰিবলগীয়া ৰাষ্ট্ৰীয় পথৰ দৈর্ঘ্য আছিল ৩৭৮ কিলোমিটাৰ; কিন্ত ইয়াৰে সর্বাধিক ১৮০ কিলোমিটাৰ পথহে নিৰ্মাণ কৰা হৈছে।

অসমত অতি কম দিনৰ ভিতৰতে বৰষুণৰ বতৰো আৰম্ভ হ’ব। বাৰিষাত মসৃণভাৱে কাম কৰাটো অসমৰ বতৰত সম্ভৱ নহয়। গতিকে বাৰিষাৰ বতৰ আৰম্ভ হোৱাৰ পূৰ্বে নিৰ্মাণ কাৰ্য ত্বৰান্বিত কৰাটো অসমত এটা নিয়ম। অথচ এই উপযুক্ত সময়তো নির্মাণ গতি অতি লেহেমীয়া হৈ থকাত ৰাষ্ট্ৰীয় পথৰ দৰে যোগাযোগৰ অন্যতম ব্যৱস্থাও লক্ষ্যৰ পৰা বহুদূৰ পিছপৰি থাকিবলগীয়া হৈছে।

চৰকাৰৰ গা এৰা দিয়া ভূমিকাৰ বাবেই সৃষ্টি হৈছে এই পৰিস্থিতিৰ। এই প্ৰসংগতে উল্লেখ্য যে অসমত চাৰিশাৰীযুক্ত ৰাষ্ট্ৰীয় পথ নির্মাণ যেন এক অন্তহীন নির্মাণ ব্যৱস্থাত পৰিণত হৈছে। আন ৰাজ্যত চাৰিশাৰীযুক্ত পথ কেতিয়াবাই ছয়শাৰীযুক্তলৈ পৰিৱৰ্তন হ’ল। অসমত এতিয়াও চাৰি শাৰীৰ কামেই সম্পূর্ণ হোৱা নাই। অথচ ২০১৪তে অসমত চাৰিশাৰীযুক্ত ৰাষ্ট্ৰীয় পথৰ নিৰ্মাণ আৰম্ভহৈছিল। ডিমা হাছাওত ৰাষ্ট্ৰীয় পথ নির্মাণো আন এক অন্তহীন কার্যস্বৰূপ হৈছে।

পথ নিৰ্মাণৰ এনে অস্বাভাৱিক শামুকীয়া গতিৰ বিপৰীতে টোলগেট স্থাপনত কিন্তু ন্যূনতমো আপোচ কৰা কৰা নাই সংশ্লিষ্ট সকলো পক্ষই। ফলত অসমত ক্রমে বৃদ্ধি কৰা হৈছে টোলগেটৰ সংখ্যা। আনকি নিৰ্ধাৰিত দূৰত্ব অবিহনেই ৰাজ্যখনত টোলগেট স্থাপনৰ অভিযোগো উঠিছে। অসমৰ পথৰ অৱস্থাক গৌণ কৰি টোলগেট স্থাপনৰ উদ্দেশ্যই হ’ল সাধাৰণ জনতাক লুণ্ঠন কৰা।

Exit mobile version