পশ্চিম এছিয়াত সংঘাত তীব্ৰ, বেইৰুটত ইজৰাইলী আক্ৰমণত নিহত চাৰি

beirut cover

Israel:✒️পশ্চিম এছিয়াত চলি থকা সংঘাত ক্ৰমে অধিক তীব্ৰ হৈ উঠিছে। লেবাননৰ ৰাজধানী বেইৰুট(Beirut)ত ইজৰাইলী আক্ৰমণত কমেও চাৰিজন লোক নিহত হোৱা বুলি খবৰ প্ৰকাশ পাইছে।

এই আক্রমণৰ ফলত অঞ্চলটোত নতুনকৈ উত্তেজনা বৃদ্ধি পাইছে।সংবাদসূত্ৰে জনোৱা মতে, বেইৰুটৰ এটা নিৰ্দিষ্ট স্থান লক্ষ্য কৰি এই আক্রমণ চলোৱা হৈছিল।

তথ্য অনুসৰি,আক্ৰমণত কেবাজনো লোক আহত হৈছে। নিহতসকলৰ মাজত কিছুমান সামৰিক সংগঠনৰ স’তে জড়িত ব্যক্তি থাকিব পাৰে বুলি অনুমান কৰা হৈছে।

ইফালে ইৰাণ (Iran)আৰু ইজৰাইলৰ (Israel)ৰ মাজত চলি থকা সংঘাতৰ ফলত সমগ্ৰ মধ্যপ্ৰাচ্য অঞ্চলত অস্থিৰ পৰিস্থিতি সৃষ্টি হৈছে। দুয়ো পক্ষই পৰস্পৰৰ ওপৰত ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’ন আক্রমণ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে।

বিশেষজ্ঞসকলৰ মতে, এই সংঘাত অব্যাহত থাকিলে সমগ্ৰ পশ্চিম এছিয়াৰ ৰাজনৈতিক আৰু সামৰিক পৰিস্থিতি অধিক জটিল হ’ব পাৰে। ইয়াৰ প্ৰভাৱ বিশ্ব অৰ্থনীতি আৰু তেলৰ বজাৰতো পৰাৰ আশংকা প্ৰকাশ কৰা হৈছে।

বৰ্তমান সময়ত বহু দেশেই অঞ্চলটোত থকা নিজৰ নাগৰিকসকলক সতর্কতা জাৰি কৰিছে আৰু পৰিস্থিতিৰ ওপৰত গাঢ় দৃষ্টি ৰাখিছে।

Exit mobile version