The World’s Oldest Champagne:✒️আলাগু দ্বীপপুঞ্জৰ ওচৰৰ বাল্টিক সাগৰৰ শীতল পানীৰ তলত শেহতীয়াভাৱে উদ্ধাৰ হৈছে ঊনবিংশ শতিকাৰে দুটাকৈ বীয়েৰৰ বটল। ১৭০ বছৰ পুৰণি এই বটল দুটা উদ্ধাৰ হয় এখন জাহাজৰ ধ্বংসাবশেষত। জাহাজখন ১৮৪০ দশকত কোনো কাৰণত সাগৰত ডুব যায়।
জাহাজখন সাগৰত ডুব যোৱাৰ সময়ত ভিতৰত ডেৰশৰো অধিক বটল চেম্পেইন আৰু পাঁচ বটল বীয়েৰ আছিল। ইয়াৰে কেতবোৰ বর্তমানেও অক্ষত অৱস্থাত আছে।
তাৰ মাজতে আছে দুটাকৈ বীয়েৰৰ বটলো। ১৭০ বছৰৰ পাছত পানীৰ তলত উদ্ধাৰ হোৱা পেহ্য হৈ আছে নে নাই তাক লৈ একাংশ বিজ্ঞানীয়ে সম্প্ৰতি পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰিছে। বিজ্ঞানীসকলৰ এই পৰীক্ষা-নিৰীক্ষাত বীয়েৰখিনিৰ ৰাসায়নিক গঠন, এই বীয়েৰ প্রস্তুতৰ কৌশল আৰু বিগত প্রায় দুটা শতিকাত এই বীয়েৰৰ ৰাসায়নিক পৰিৱৰ্তনৰ দিশ লক্ষ্য কৰা হৈছে।
বাল্টিক সাগৰৰ এই দুই শতিকা পুৰণি বীয়েৰৰ বটল দুটা আৱিষ্কাৰ তাৎপর্যপূর্ণ। কাৰণ ইয়ে ঐতিহাসিক পানীয়ৰ পোনপটীয়া অধ্যয়নৰ সুযোগ দিছে। এই অধ্যয়নে পানীয়ৰ ইতিহাসৰ লগতে দীর্ঘকালৰ পাছত জৈৱ ৰাসায়নিক যৌগৰ গঠন কেনে হৈ থাকে, তাৰ আভাস দিছে।
অৱশ্যে বাল্টিক সাগৰত এই জাহাজখনৰ ২০১০ৰ গ্ৰীষ্মকালত উদ্ধাৰ হয়। সাগৰ পৃষ্ঠৰ পৰা ৫০ মিটাৰ তলত এই জাহাজ উদ্ধাৰ হয়।
পুৰাত্বাত্তিক সাক্ষ্য মতে, ১৮৪০ৰ দশকত এই জাহাজখন সাগৰত ডুব যায়। অৱশ্যে জাহাজখনে কোন বন্দৰৰ পৰা অন্তিম যাত্রা কৰিছিল, ইয়াৰ গম্ভব্য স্থল আৰু নাম পোহৰলৈ অহা নাই। জাহাজখনৰ ভিতৰত বীয়েৰ, চেম্পেইনৰ উপৰি বহু বিলাসী সামগ্ৰীৰ অৱশেষো উদ্ধাৰ হয়। জাহাজখনৰ পৰা উদ্ধাৰ হোৱা বীয়েৰৰ বটল দুটাক লৈ ফিনলেণ্ডৰ ভিটিটি টেকনিকেল ৰিচাৰ্ছ চেণ্টাৰ আৰু জার্মানীৰ মিউনিখৰ টেকনিকেল ইউনিভাৰছিটিৰ বিজ্ঞানীসকলে গৱেষণা কৰিছে।
এই গৱেষণা সম্পর্কীয় প্রতিবেদন জার্ণেল অৱ এগ্রিকালচাৰেল এণ্ড ফুড কেমেষ্টি শীর্ষক পত্রিকাত প্রকাশ পাইছে। উক্ত গৱেষণাত পোহৰলৈ আহিছে যে বীয়েৰৰ বটল দুটাত দুবিধ সুকীয়া বীয়েৰ আছে। এই বীয়েৰ দুবিধ সুকীয়া ফুলৰ পৰা তৈয়াৰ কৰা হৈছে। দুয়োটাৰে সুগন্ধিও সুকীয়া। একেদৰে দুয়োটা বটলৰ বীয়েৰৰ মান হাসো দুই ধৰণে হৈছে। সংশ্লিষ্ট বিজ্ঞানীসকলৰ মতে, ১৮৪০ দশকত তৈয়াৰ কৰা বীয়েৰত আজিৰ তুলনাত অধিক অম্ল আছিল।
এনে অম্লৰ অন্যতম হৈছে জৈব ৰাসায়নিক এচিড, গ্লুকজ আৰু কার্বনিল যৌগ্য। দিন বৃদ্ধি পোৱাৰ লগে লগে এই বীয়েৰ দুবিধক বেক্টেৰিয়া আৰু এনজাইমৰ কার্যও বৃদ্ধি পায়। এনেদৰে ৰাসায়নিক পৰিৱৰ্তন ঘটা সত্ত্বেও বীয়েৰ দুবিধৰ সুগন্ধি অটুট আছে। বিজ্ঞানীসকলৰ দীর্ঘকালৰ ধৰি পানীৰ তলত থকাৰ বাবেই বীয়েৰ দুবিধৰ ৰাসায়নিক পৰিৱর্তন ঘটিলে।
এই ৰাসায়নিক পৰিৱৰ্তনৰ ফলত বীয়েৰ দুবিধ ছডিয়ামৰ গাঢ়তা অধিক বৃদ্ধি পাইছে। ইয়াৰ কাৰণ বীয়েৰ দুবিধত সাগৰৰ পানীৰ প্ৰৱেশ ঘটিছে। অর্থাৎ এই বীয়েৰৰ বটল দুটা এতিয়া পেহ্য হৈ থকা নাই।
