Indian Foreign Ministry:✒️পশ্চিম এছিয়াত বৃদ্ধি পোৱা সংঘাত আৰু অস্থিৰতাৰ মাজতে উপসাগৰীয় দেশসমূহত থকা বহু ভাৰতীয় নাগৰিকে ইতিমধ্যে নিৰাপদে স্বদেশলৈ উভতি আহিছে বুলি জনালে ভাৰত চৰকাৰে। এই কথা সদৰি কৰিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱাল (Randhir Jaiswal)।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসাৰে, পশ্চিম এছিয়াত চলি থকা সংঘাতৰ মাজতো ভাৰত চৰকাৰ নাগৰিকসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি আছে। ইতিমধ্যে উপসাগৰীয় অঞ্চলৰ বিভিন্ন দেশৰ পৰা বহু ভাৰতীয়ক সুৰক্ষিতভাৱে স্বদেশলৈ উভতাই অনা হৈছে।
মুখপাত্ৰ জয়ছোৱালে কয় যে পশ্চিম এশিয়াৰ পৰিস্থিতি ভাৰত চৰকাৰে নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে। অঞ্চলটোত থকা ভাৰতীয় নাগৰিকসকলৰ স’তে দূতাবাসসমূহৰ জৰিয়তে নিয়মিত যোগাযোগ বজাই ৰখা হৈছে আৰু প্ৰয়োজন অনুসৰি সকলো ধৰণৰ সহায় আগবঢ়োৱা হৈছে।
এই সংঘাতৰ বাবে কিছুমান দেশত বিমান চলাচল ব্যাহত হোৱাত বহু ভাৰতীয় অস্থায়ীভাৱে অসুবিধাৰ সন্মুখীন হৈছিল। অৱশ্যে চৰকাৰী তৎপৰতা আৰু বিমান সেৱাৰ সহায়ত বহুজন ইতিমধ্যে দেশলৈ উভতি আহিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে, পশ্চিম এছিয়াৰ বৰ্তমানৰ সংঘাতক লৈ ভাৰত চৰকাৰে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু পৰিস্থিতি শান্তিপূৰ্ণ উপায়ে সমাধান কৰিবলৈ আহ্বান জনাইছে।
লগতে বিদেশত থকা ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা আৰু কল্যাণক চৰকাৰৰ প্ৰধান অগ্ৰাধিকাৰ বুলি পুনৰ উল্লেখ কৰিছে।
