কাৰ্বি আংলঙৰ ৪৪২ হেক্টৰ বনভূমি ধ্বংস কৰি জলবিদ্যুৎ প্রকল্প স্থাপনৰ প্ৰস্তুতি

IMG 20260309 112550

Karbi Anglong:✒️অসমক বিদ্যুৎ উৎপাদনত স্বাৱলম্বী কৰাৰ নামত বনভূমি আৰু বন্যপ্ৰাণীৰ ওপৰত বুলড’জাৰ চলাবলৈ সাজু হৈছে ৰাজ্যৰ শক্তি বিভাগ। অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল)-এ কার্বি আংলঙত এটা বৃহৎ জলবিদ্যুৎ প্রকল্প নির্মাণৰ বাবে আগবাঢ়িছে। তাৰ বাবেই কার্বি আংলঙত যি বৃহৎ পৰিসৰত বন ধ্বংস কৰা হ’ব তাকে লৈ কেন্দ্রীয় চৰকাৰৰ পৰিবেশ, বন আৰু জলবায়ু পৰিৱর্তন মন্ত্রণালয়ো একপ্ৰকাৰ বিবুধিত পৰা বুলি ৰাজ্যৰ শক্তি বিভাগৰ শীর্ষ সূত্রই ‘দৈনিক অগ্রদূত’ৰ আগত সদৰী কৰে।

সম্পূর্ণ পুৰঠ জৈৱ বৈচিত্র্যৰে ভৰা বন ধ্বংস কৰাই নহয়, এই প্ৰকল্পৰ ফলত হাতীৰ বৃহৎ বিচৰণভূমিও সম্পূৰ্ণৰূপে উৎখাত হ’ব। তদুপৰি প্ৰভাৱ পৰিব এখন বন্যপ্রাণী অভয়াৰণ্য আৰু কাজিৰঙা সংযোগী কাৰ্বি আংলঙৰ হাতীৰ বিচৰণ ক্ষেত্রতো। লক্ষ্যণীয় দিশটো হ’ল যে কাম আৰম্ভ হ’বলগীয়া প্রকল্পটোত থাকিবলগীয়া দুটা জলভাণ্ডাৰ তথা ৰিজাৰ্ভাৰৰ এটাৰ লগতো কোনো নদী অথবা হ্রদৰ প্রত্যক্ষ সংযোগ নাই। সাধাৰণতে প্রত্যক্ষ সংযোগ থাকে।

এই প্রকল্পটোত নাথাকিব বাবেই পানী দূৰৰ পৰা বোৱাই আনিব লাগিব। তাৰ বাবেও যি নির্মাণ কার্য সম্পন্ন কৰিব লাগিব তাৰফলতো জৈৱ বৈচিত্র্যৰ পৰা আৰম্ভ কৰি বন্যপ্রাণীলৈকে সর্বদিশত বৃহৎ মাধমাৰ পৰাতো নিশ্চিত হৈছে। আকৌ যি স্থানত ৰিজাৰ্ভাৰ দুটা নিৰ্মাণ কৰা হ’ব, সেই দুয়োটা স্থানেই হাতী অহা-যোৱা কৰা পথ।

এপিডিচিএলে মন্ত্রণালয়ক দাখিল কৰা প্ৰস্তাৱটোত উল্লেখ কৰা হৈছে যে মুঠ ৪৮৪ হেক্টৰ ভূমিত এই প্রকল্পটো নির্মাণ কৰা হ’ব। ইয়াৰে ৪৪১.৯ হেক্টৰ ভূমি হ’ল বনভূমি। মাত্র ৪২.১ হেক্টৰহে সাধাৰণ ভূমি। গতিকে প্রকল্পটোৰ বাবে ৪৪২ হেক্টৰ বনভূমি ধ্বংস কৰা হ’ব। বনভূমি ধ্বংস কৰিলে বিকল্প স্থানত বনভূমি নিৰ্মাণ কৰাটো বন আইনৰ এটা নিয়ম।

অৱশ্যে বাস্তৱত এই নিয়ম কিমানদূৰ পালন হৈছে সেয়াহে এটা ডাঙৰ প্রশ্ন। এই প্রকল্পটোৰ বাবেও যি বিশাল পৰিমাণৰ বনভূমি ধ্বংস কৰা হ’ব তাৰ বিকল্প বনভূমি গঢ়ি তোলাৰ প্ৰস্তাৱ কৰা হৈছে। সেয়া বাস্তবসম্মত নহয় বুলিয়েই চর্চা হৈছে।

প্রস্তাৱিত প্রকল্পটোৰ জৰিয়তে দৈনিক ১৫শ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য লোৱা হৈছে। প্রকল্প নিৰ্মাণৰ প্ৰস্তাৱিত ব্যয়ৰ পৰিমাণ হ’ল ৭২৭৩.২৩ কোটি টকা। উজনি আৰু নামনি দুটা জল ভাণ্ডাৰ থাকিবলগীয়া প্রকল্পটো কার্বি আংলঙৰ দুখন গাঁও সামৰি নিৰ্মাণ কৰা হ’ব। গাঁও দুখন হ’ল লিপগাঁও আৰু পানকুমাৰ। প্ৰকল্প নিৰ্মাণৰ বাবে গাঁও দুখনৰ কমেও ১১শ পৰিয়ালক স্থানান্তৰ কৰা হ’ব। জলভাণ্ডাৰৰ লগত দুটা বান্ধ থাকিব। উজনিৰ ভাণ্ডাৰটোৰ বান্ধব উচ্চতা হ’ব ৭২ মিটাৰ আৰু নামনিটোৰ উচ্চতা হ’ব ৫০ মিটাৰ। এই বান্ধ দুটাৰ বাবেই সম্পূর্ণ বন্ধ হৈ পৰিব হাতী অহা-যোৱা কৰা দুটা মুখ্য পথ।

এপিডিচিএলৰ এই প্ৰস্তাৱ সম্প্রতি পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্রণালয়ৰ ‘এনভাইৰণমেন্টেল এপ্রাইজেল কমিটী’ (ইএচি) ত বিবেচনাধীন হৈ আছে। সূত্রত প্রকাশ যে এই কমিটীয়ে ইতিমধ্যে গোটেই প্রস্তাৱটো পৰীক্ষা কৰিছে। তাৰ ভিত্তিত এপিডিচিএলক আপত্তি দর্শাইছে যে নামনিৰ বান্ধটো যি স্থানত নিৰ্মাণ কৰা হ’ব সেয়া হ’ল অতি পুৰঠ জৈৱ বৈচিত্র্যৰে সমৃদ্ধ অঞ্চল। বিবিধ জীৱ-জন্তুৰ লগতে অতি মূল্যবান বৈচিত্র্যময় অন্যান্য বনজ সম্পদেৰেও ভৰি আছে সেই অঞ্চল। তেনে এটা বৃহৎ অঞ্চল ধ্বংস কৰিলে পাৰিপাৰ্শ্বিকতাৰ ওপৰত গুৰুতৰ প্রভাৱ পৰিব। জৈৱ বৈচিত্র্যও সম্পূর্ণ নষ্ট হ’ব। কিন্তু এপিডিচিএলে এই আপত্তিত বিশেষ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। প্রকল্পটোৰ কাম আৰম্ভকৰিবলৈ ইতিমধ্যে এপিডিচিএলে সঁহাৰি লাভ কৰিছে। কাৰণ ছি প্রকল্পটো ৰূপায়ণ কৰিবলৈ এপিডিচিএল বদ্ধপৰিকৰ।

ইএচিয়ে বিষয়টো পর্যবেক্ষণ কৰি এই তথ্যও লাভ কৰিছে যে প্রস্তাবিত বান্ধটোৰ নিৰ্মাণস্থলীৰ পৰা কাৰ্বি আংলঙৰ মাৰাট লংৰি বন্যপ্রাণী অভয়াৰণ্য মাত্র ১০.৫ কিলোমিটাৰ নিলগত অৱস্থিত। আনহাতে, কাজিৰঙা-কাৰ্বি আংলং হস্তী বিজার্ভ অৱস্থিত মাত্র ১.৪ কিলোমিটাৰ নিলগত।

Exit mobile version