চাকৰিত চাটাইৰ পাছত আমেৰিকাত চাহ বিক্রী আৰম্ভ কৰিলে ভাৰতীয় যুৱকে

একাপ চাহৰ মূল্য ৭৮০ টকা

1898421 mixcollage 29 jan 2026 08 40 pm 7517

Chaiguy:✒️আমেৰিকাত এজন ভাৰতীয় যুৱকে কৰ্প’ৰেট খণ্ডৰ চাকৰি ত্যাগ কৰি চাহ বিক্ৰীৰ ব্যৱসায় আৰম্ভ কৰিলে। সম্প্রতি সামাজিক মাধ্যমত ভাইৰেল হোৱা ভাৰতীয় যুৱকজনে চাকৰিৰ পৰা হঠাতে চাটাই হোৱাৰ পাছত লছ এঞ্জেলছত চাহ বিক্ৰীৰ ব্যৱসায় আৰম্ভ কৰিছিল।

বিহাৰৰ পাটনাৰ কাষৰ চহৰ বাড়ৰ স্থায়ী বাসিন্দা প্রভাকৰ প্ৰসাদে লছ এঞ্জেলছত কৰ্প’ৰেট খণ্ডত নিয়োজিত হৈছিল যদিও ২০২৫ৰ ফেব্ৰুৱাৰীত তেওঁ কর্মচ্যুত হৈছিল। ইয়াৰ পাছত তেওঁ লছ এঞ্জেলছত নিজৰ চাহৰ বিপণী এখন আৰম্ভ কৰিছিল।

চাহৰ দোকান আৰম্ভ কৰাৰ পাছত লছ এঞ্জেলছত এজন চাহ ব্যবসায়ী হিচাপে প্রভাকৰে বিশেষ সফলতা অর্জন কৰিলে। বর্তমানে লছ এঞ্জেলছৰ বিপণীত প্রভাকৰে প্ৰতি কাপ চাহ ভাৰতীয় মুদ্রাত ৭৮০ টকাত বিক্ৰী কৰিছে।

চাহ বিক্ৰী কৰিয়ে মাহে কে’বা লাখ টকা উপাৰ্জন কৰা প্ৰভাকৰে ইণ্ডিয়ান ইনষ্টিটিউট অব টেকন’ল’জী (আইআইটি) ত উচ্চ শিক্ষা গ্রহণ কৰিছিল। ২০১৪ত তেওঁ টেক্সাছলৈ এমবিএ পাঠ্যক্রম অধ্যয়ন কৰিব গৈছিল আৰু তেতিয়াৰে পৰা তেওঁ আমেৰিকাত আছে।

Exit mobile version