Saudi Arabia:✒️চৌদি আৰবত সংঘটিত এক ক্ষেপণাস্ত্ৰ আক্ৰমণক লৈ আগতে প্ৰকাশ কৰা তথ্য সংশোধন কৰিছে দেশখনৰ প্ৰশাসনে। আৰম্ভণিতে এই ঘটনাত এজন ভাৰতীয় নাগৰিক নিহত হোৱা বুলি কোৱা হৈছিল যদিও পাছত প্ৰকাশিত নতুন বিবৃতিত জনোৱা হৈছে যে ভাৰতীয় নাগৰিকজন নিহত নহয়, বৰং তেওঁ আঘাতপ্ৰাপ্ত হৈছে।
চৌদি অসামৰিক সুৰক্ষা দপ্তৰৰ তথ্য অনুসৰি, আক্ৰমণটো দেশখনৰ আল-খাৰ্জ অঞ্চলত সংঘটিত হৈছিল। প্ৰথমিক তথ্যত কোৱা হৈছিল যে ঘটনাটোত দুজন লোক নিহত হয় আৰু তেওঁলোকৰ ভিতৰত এজন ভাৰতীয় আৰু এজন বাংলাদেশী নাগৰিক আছিল। লগতে কেবাজনো লোক আহত হোৱা বুলিও উল্লেখ কৰা হৈছিল।
কিন্তু পাছত প্ৰশাসনে সেই তথ্য সংশোধন কৰি জানায় যে নিহত দুজনেই বাংলাদেশী নাগৰিক। আনহাতে, আহত হোৱা লোকসকলৰ মাজত এজন ভাৰতীয় নাগৰিক আছে।
ঘটনাটোৰ পাছত ৰিয়াধস্থিত ভাৰতীয় দূতাবাসে বিষয়টোত নজৰ ৰাখিছে। দূতাবাসৰ বিষয়াসকলে আঘাতপ্ৰাপ্ত ভাৰতীয় নাগৰিকজনৰ চিকিৎসাৰ খবৰ ল’বলৈ হাস্পতালত যোগাযোগ কৰিছে বুলি জনোৱা হৈছে।
পশ্চিম এছিয়াত বৰ্তমান চলি থকা যুদ্ধ উত্তেজনাৰ মাজতে এই ঘটনা সংঘটিত হোৱাত অঞ্চলটোত থকা বিদেশী নাগৰিকসকলৰ মাজত উদ্বেগ বৃদ্ধি পাইছে।
ভাৰতীয় দূতাবাসে চৌদি আৰবত থকা ভাৰতীয় নাগৰিকসকলক সতর্ক থাকিবলৈ আৰু স্থানীয় প্ৰশাসনৰ নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে।
