Road Accident:✒️ৰাজস্থানত সংঘটিত এক মর্মান্তিক পথ দুৰ্ঘটনাত মৃত্যু হয় শাকুন গ্ৰুপৰ মেনেজিং ডাইৰেক্টৰ বল্লভ মহেশ্বৰীৰ।তথ্য অনুসৰি দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত এই দুৰ্ঘটনাটো সংঘটিত হয় বুলি।
তথ্য অনুসৰি, ৬২ বছৰীয়া ব্যৱসায়ী মহেশ্বৰী জয়পুৰৰ পৰা মথুৰালৈ যাত্ৰা কৰি আছিল। সেই সময়ত তেওঁ যাত্ৰা কৰা বিলাসবহুল BMW গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ কাষৰ বেৰিকেড ভাঙি এখন কালভাৰ্টৰ দেওয়ালত খুন্দা মাৰে।ভয়ংকৰ দুৰ্ঘটনাৰ পাছত গাড়ীখন উল্টি যায়।
স্থানীয় লোক আৰু আৰক্ষীয়ে তৎক্ষণাত মহেশ্বৰী আৰু গাড়ীৰ চালকজনক উদ্ধাৰ কৰি নিকটৱৰ্তী চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসকসকলে মহেশ্বৰীক মৃত ঘোষণা কৰে।
তথ্য অনুসৰি,গাড়ীৰ চালকজন আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসাধীন আছে ।
আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি, অধিক বেগত গাড়ী চলোৱাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে। ঘটনাটোৰ পাছতে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
বল্লভ মহেশ্বৰী ৰাজস্থানৰ এজন পৰিচিত উদ্যোগপতি আছিল আৰু শাকুন গ্ৰুপৰ মেনেজিং ডাইৰেক্টৰ হিচাপে বহু বছৰ ধৰি কাম কৰি আহিছিল।
বিজ্ঞাপন, অবকাঠামো আৰু ৰিয়েল এস্টেটকে ধৰি বিভিন্ন ক্ষেত্ৰত তেওঁৰ ব্যৱসায়িক নেটৱৰ্ক বিস্তৃত আছিল।
ঘটনাটোৰ পাছতে বহু ৰাজনৈতিক নেতা আৰু ব্যৱসায়িক মহলৰ ব্যক্তিসকলে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
