পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

Dhurandhar 2 860x516 1

Dhurandhar 2:✒️যোৱা ডিচেম্বৰত চিত্রগৃহত মুক্তি লাভ কৰিছিল আদিত্যধৰ পৰিচালিত চলচ্চিত্র ‘ধুৰন্ধৰ’-এ। এই ছবিৰ জৰিয়তে অভিনেতা ৰণবীৰ সিঙে ব্যাপক উত্থান লাভ কৰিলে।

এইবাৰ মুক্তিৰ বাবে সাজু হৈছে ‘ধুৰন্ধৰ’ৰ ছিকুৱেল ‘ধুৰন্ধৰ-২’ ছবিখনে। শনিবাৰে ‘ধুৰন্ধৰ-২’ৰ ট্ৰেইলাৰ মুকলি কৰা হ’ল। ইয়াৰ পাছতে মুক্তিৰ পূৰ্বে পুনৰ নতুনকৈ অভিলেখ ৰচিলে ৰণবীৰৰ ‘ধুৰন্ধৰ-২’-এ।

চলচ্চিত্র বাণিজ্যিক বিশ্লেষকৰ মতে ‘ধুৰন্ধৰ-২’-এ ব্যৱসায়িক দিশত পূৰ্বৰ অভিলেখ ভংগ কৰিব পাৰে। অহা ১৯ মাৰ্চত মুক্তি লাভকৰিব ছিকুৱেল ছবিখনে।

মুক্তিৰ পূৰ্বে অগ্রিম টিকট বুকিঙত ছবিখনে অভিলেখ ৰচিলে। মাত্র এদিনতে এইখন ছবিৰ প্রায় ৮৭,৮১০ টিকট অগ্রিম বিক্রী হ’ল। চলচ্চিত্র বাণিজ্যিক বিশ্লেষক তৰন আদর্শই জনোৱা অনুসৰি অগ্রিম টিকট বুকিং আৰম্ভ হোৱাৰ পাছত প্রতি ঘণ্টাত ‘ধুৰন্ধৰ-২’ৰ গড়ে ৭৫০০ টা টিকট বিক্রী হৈছে।

বুকিং আৰম্ভ হোৱাৰ দুঘণ্টাৰ ভিতৰত প্ৰায় চাৰি কোটি টকাৰ ব্যৱসায় কৰিলে ৰণবীৰৰ মুক্তিৰ অপেক্ষাত থকা ছবিখনে। ‘ধুৰন্ধৰ-২’ মুঠ পাঁচটা ভাষাত তৈয়াৰ কৰা হৈছে। চিত্রগৃহত হিন্দীৰ লগতে তামিল, তেলুগু, কন্নড় আৰু মালায়ালম ভাষাত মুক্তি দিয়া হ’ব ছবিখন।

Exit mobile version