Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

WhatsApp Image 2026 03 09 at 5.22.57 PM

Dhemaji:

সাংবিধানিক ভাবে স্বীকৃত অসমৰ দ্বিতীয় বৃহৎ জনসংখ্যাৰে সমৃদ্ধ মিচিং জাতিৰ ক্ষুদ্রতম অংশবোৰে হৈছে অপৃন অৰ্থাৎ বংশ , চন্দী অপৃনে আজিৰ একবিংশ শতিকাৰ জাতিগত আগ্ৰাহণত নিজৰ বংশৰ উৎপত্তি, আত্ম পৰিচয়ৰ ইতিহাস অনুসন্ধিৎসু অন্ত-কৰণেৰে পূৰ্বপুৰুষৰ পৰা সৃষ্টি হোৱা প্ৰজন্ম, প্ৰজন্মৰ পৰা বংশ বৃদ্ধিৰ পৰিচয় প্রাপ্তীৰ পদত অগ্ৰসৰ হোৱাটো অপৃনৰ ঐতিহাসিক পদক্ষেপৰ চানেকী। আপোন ভালেই জগত ভাল। এই শব্দাৰ্থৰ অৰ্থই হৈছে অপৃনৰ আৰ্থ সামাজিক, ৰাজনৈতিক, কলা-সংস্কৃতিৰ বৈপ্লৱিক পৰিৱৰ্তনৰ খোজত ঐক্যতাৰ ধাৰাবাহিক প্রগতিৰ প্ৰতি লক্ষ্য ৰাখি গত বছৰৰ পৰা কেন্দ্ৰীয়ভাবে আয়োজন কৰি আহিছে চন্দী বংশাৱলী সভা I

এই বছৰৰ কেন্দ্ৰীয় অধিৱেশন খনি ৭ আৰু ৮ মার্চত দুদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে ধেমাজি জিলাৰ মিংমাং সৰিয়নি গাঁওবাসীৰ সহযোগত অনুষ্ঠিত হৈ যায় I দুদিনীয়াকৈ আয়োজন কৰা অধিবেশনখনীৰ শেষৰ দিনা মুকলি সভাত এখনি আটকধুনীয়া স্মৃতিগ্রন্থ ” অপেঃ আপৃৰ”  উন্মোচন কৰে মিছিং সাহিত্য সভাৰ সম্পাদক সোমেশ্বৰ কাপ্তাকে  I  মুকলি সভাৰ সভাপতিত্ব কৰে চন্দী বংশৰ সভাপতি দিলীপ চন্দীয়ে I সভাত মুখ্য অতিথি হিছাপে উপস্থিত থাকে মিছিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ লগতে বহু গন্য-মান্য ব্যক্তি I সভায়ে আগন্তুক দিনত চন্দীৰ বংশৰ এনাজৰী ডাল মজবুত কৰি ৰখাৰ স্বাৰ্থত অনিল চন্দীক সভাপতি আৰু অবিনাশ চন্দীক সম্পাদক হিচাবে লৈ এখন নতুন সমিতি গঠন কৰে । নিশালৈ ন- পুৰনি শিল্পী দ্বাৰা সাংস্কৃতিক সন্ধিয়া আয়োজন কৰা হয়  I

Exit mobile version