Dispur:
ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা মাহ থকা অৱস্থাত শাসক – বিৰোধী সকলো দলে ব্যাপক নিৰ্বাচনী কুজকাৱাজ আৰম্ভ কৰিছে ৷ শাসকীয় বিজেপি মিত্ৰজোঁটক উৎখাত কৰিবৰ বাবে কংগ্ৰেছ দলে চাৰিদলীয় মৰ্চাৰে জোঁট বান্ধি মাৰাথন ৰণনীতি প্ৰস্তুত কৰাৰ মাজতে কংগ্ৰেছী বিধায়কৰ ব্যক্তিগত সহায়ক সহ চাৰিজন যুৱকক নিশা আটক কৰে দিছপুৰ আৰক্ষীয়ে ৷
মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ-নথিসহ চাৰিজনক মহানগৰীৰ ডাউন টাউন হাস্পতালৰ সমীপৰ এটা এপাৰ্টমেণ্টৰ ফ্লেটৰ পৰা দিছপুৰ আৰক্ষীয়ে আটক কৰে । ধৃত যুৱক কেইজন হ’ল অক্ষয় বৰদলৈ,পি বৰদলৈ,জয়নাল আবেদিন,ৰেকিব হক সহ লাহৰীঘাটৰ বিধায়ক ডা:আছিফ নাজাৰৰ কৰ্মচাৰী । ইয়াৰে এজন বিধায়কৰ ব্যক্তিগত সহায়ক ৷ লগতে আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰস্তুত কৰা গোহাৰী পত্ৰ বোজাই অনা উত্তৰ প্ৰদেশৰ ইউ পি ৭৫ বিটি-৯৫৮৯ নম্বৰৰ এখন কন্টেইনাৰ ট্ৰাকো জব্দ কৰে ৷
আনহাতে যুৱক কেইজনৰ আটক কৰাৰ সম্ভেদ লাভহ কৰাৰ পিছতে কংগ্ৰেছৰ দিছপুৰৰ প্ৰাৰ্থী তথা জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী সদলবলে দিছপুৰ আৰক্ষী থানাত উপস্থিত হৈ আৰক্ষীৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে ৷ কংগ্ৰেছ নেত্ৰী গৰাকীয়ে কয় দিছপুৰৰ চৰকাৰ সলনি হ’বলৈ মাজত মাত্ৰ ডেৰটা মাহ ৷ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কংগ্ৰেছে ইতিমধ্যে বিভিন্ন অভিযোগ সম্বলিত গোহাৰী ৰাইজৰ মাজত বিতৰণ কৰিছে ৷এনেক্ষেত্ৰত শাকক দলৰ আঙুলিৰ থাৰত নাছি খাকী পোচাক মলিয়ন কৰা আৰক্ষীয়ে এতিয়াও সোধৰণি হওক ৷ অন্যথাই সময়ত ইয়াৰ উচিত প্ৰত্যুত্তৰ পাব।
