Mariani Public Protest:
মৰিয়নী সমষ্টিৰ চেলেংহাটৰ এখন গাঁওৰ ৰাইজৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে বঞ্চনা আৰু প্ৰতাৰণাৰ অভিযোগ।এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰি থকা গাঁওবাসীয়ে সাব্যস্ত কৰে প্ৰতিবাদ ন’ ৱাটাৰ ন’ ভোট”, শ্লগানেৰ উত্তাল মৰিয়নি I
গাঁওখনত বৰ্তমান এটুপি খোৱা পানীৰ বাবেই হাহাকাৰ কৰিব লগা হৈছে ৰাইজে।
গাঁওবাসীয়ে তিৰুহিলছ সংৰক্ষিত বনাঞ্চলৰ পাহাৰৰ মাজৰ ফুচুং জুৰিৰ পৰা ডেৰ দুই কিলোমিটাৰ পথ অতিক্ৰম কৰি সংগ্ৰহ কৰিব লাগে পানী I
ইফালে গাভৰু লাওজান পথৰ পৰা বহলটিং গাঁওলৈ যোৱা একমাত্ৰ পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে জীয়াতু ভোগ কৰিব লগা হৈছে গাঁওবাসীয়ে।জৰাজীৰ্ণ পথৰ বাবে এম্বুলেন্স প্ৰৱেশ নকৰাৰ বাবে ৰোগীক এনেদৰে চাইকেল বা কান্ধত তুলি নিব লগা হয়। গাঁওবাসীৰ অভিযোগ , বিধায়ক আৰু পঞ্চায়ত প্ৰতিনিধিক আবেদন কৰাৰ পিছতো কোনো গুৰুত্ব দিয়া হোৱা নাই ৰাইজৰ সমস্যাৰ প্ৰতি I
প্ৰতিবাদ কাৰীসকলে “পানী আমাক লাগিবই”, “ৰাষ্টা আমাক লাগিবই”, “ন ৱাটাৰ ন’ ভোট”, “ন ৰোড ন’ ভোট” আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে। গাঁওবাসীয়ে পানীৰ ব্যৱস্থা আৰু পথ নিৰ্মান কৰি নিদিলে আগন্তুক বিধান সভা নিৰ্বাচনত ভোট প্ৰদান নকৰো বুলি স্পষ্ট কৰি দিয়ে। লক্ষনীয় হ’ব আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিধায়ক ৰূপজ্যোতিয়ে ৰাইজৰ সমস্যা সমাধান কৰি ৰাইজৰ ক্ষোভ নিৰাময় কৰিবলৈ সক্ষম হয়নে নহয়।
