Mojtaba Khamenei:✒️পশ্চিম এছিয়াত চলি থকা যুদ্ধ উত্তেজনাৰ মাজতে ইৰানৰ নতুন সৰ্বোচ্চ নেতা মোজতবা খামেনেই(Mojtaba Khamenei)আঘাতপ্ৰাপ্ত হোৱা বুলি উত্থাপিত খবৰে নতুনকৈ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
অৱশ্যে ইৰানৰ ৰাষ্ট্ৰপতি মাছউদ পেজেশ্কিয়ান(Masoud Pezeshkian)ৰ পুত্ৰই এই দাবী খণ্ডন কৰি জনায় যে খামেনেই সম্পূৰ্ণ সুৰক্ষিত আছে।
আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ একাংশ প্ৰতিবেদন অনুসৰি, সাম্প্ৰতিক সামৰিক উত্তেজনাৰ মাজতে সংঘটিত এক আক্রমণত তেওঁ সামান্য আঘাত পাইছিল বুলি দাবী কৰা হৈছিল।
কিন্তু চৰকাৰী পক্ষৰ স’তে জড়িত কিছুমান সূত্ৰই এই তথ্য অস্বীকাৰ কৰি কয় যে এইবোৰ ভুৱা খবৰ।
ইফালে, ইৰানৰ ৰাজনৈতিক পৰিস্থিতি আৰু চলি থকা সংঘাতৰ মাজতে আলি খামেনেই(Ali Khamenei)ৰ পাছত মোজতবা খামেনেই(Mojtaba Khamenei)ক সৰ্বোচ্চ নেতা হিচাপে লৈ ইতিমধ্যে বিভিন্ন মহলত আলোচনা অব্যাহত আছে।
বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে যে যুদ্ধ উত্তেজনা বৃদ্ধি পোৱাৰ সময়ত এই ধৰণৰ খবৰ আৰু ভুৱা খবৰে পৰিস্থিতিক অধিক জটিল কৰি তুলিছে।
