ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

1773219510 landing 1

Air India Express:✒️থাইলেণ্ডৰ ফুকেট বিমানবন্দৰত অৱতৰণৰ সময়ত বিপত্তিত পৰিল Air India Express ৰ এখন যাত্ৰীবাহী বিমান। হায়দৰাবাদৰ পৰা ফুকেটলৈ যোৱা ফ্লাইটখনে অৱতৰণ কৰাৰ সময়ত “হাৰ্ড লেণ্ডিং” হোৱাত বিমানখনৰ সন্মুখৰ লেণ্ডিং গিয়াৰ ক্ষতিগ্ৰস্ত হয়।

তথ্য অনুসৰি, ফ্লাইটখনত ১৩০ৰো অধিক যাত্ৰী আৰু বিমানকৰ্মী আছিল। অৱতৰণৰ পাছতে বিমানখন ৰানৱেতেই ৰখোৱা হয় আৰু বিমানবন্দৰ কৰ্তৃপক্ষই তৎক্ষণাত জৰুৰী ব্যৱস্থা গ্ৰহণ কৰে।

পাছত সকলো যাত্ৰীক সুৰক্ষিতভাৱে বিমানখনৰ পৰা নামোৱা হয়। সৌভাগ্যক্রমে ঘটনাটোত কোনো লোক আহত হোৱা নাই বুলি জানিবলৈ দিছে কৰ্তৃপক্ষই।

এই ঘটনাৰ বাবে কিছু সময়ৰ বাবে বিমানবন্দৰৰ ৰানৱে বন্ধ কৰি পৰিদৰ্শন চলোৱা হয়। বিমানখনৰ ত্ৰুটিৰ কাৰণ জানিবলৈ তদন্ত আৰম্ভ কৰা হৈছে।

Exit mobile version