US Iran:✒️দ্বাদশ দিনত ভৰি থোৱা ইৰান বনাম মার্কিন-ইজৰাইলৰ যুদ্ধৰ পৰিণতি কি আৰু কিমানদিনলৈ চলিব সেই ছবি এই মুহূর্তলৈ স্পষ্ট হোৱা নাই। মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে সোমবাৰে নিশা কয় যে ইৰানৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলৰ সামৰিক অভিযান শেষ হোৱাৰ পথত।
ইয়াৰ লগতে আমেৰিকাই ইংগিত দিয়ে যে যুদ্ধ জয়ৰ পাছত নিহত আয়াতুল্লা খামেনেইৰ দেশৰ তৈলক্ষেত্ৰসমূহৰ নিয়ন্ত্রণ কৰিব বাশিংটনে। ট্রাম্পৰ এই ঘোষণাৰ পাছতে মঙলবাৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য হ্রাস পাবলৈ ধৰে।
ইপিনে, ট্রাম্পৰ এনে ভাষ্যৰ বিপৰীতে ইৰানক সকীয়নি দি মার্কিন প্রতিৰক্ষা সচিব পেন্টাগনৰ মুৰব্বী পিট হেগছেথে কয় যে আজি ওৰে নিশা তেহৰানৰ ওপৰত ভয়াবহ বোমা আক্রমণ হ’ব। এই দিনটো সাম্প্রতিক যুদ্ধৰ সবাতোকৈ কঠিন দিন হ’ব আৰু তীব্র আক্রমণ চলিব বুলি তেওঁ কয়।
এনে ভিন ভিন ভাষ্যৰ পৰিপ্ৰেক্ষিতত চলিত যুদ্ধখনৰ ভবিষ্যৎ কি হ’ব আৰু কেতিয়া অন্ত পৰিব তাকে লৈ চৰম বিভ্রান্তিৰ সৃষ্টি হৈছে। উল্লেখ্য যে মার্কিন বৈদেশিক পৰিক্ৰমা মন্ত্রণালয়ৰ মুখপাত্রই কালি এইদৰেও কয় যে আমেৰিকাই ইৰানক বিভাজিত কৰিবলৈ বিচাৰে আৰু তেল ল’ব বিচাৰে। একে সময়তে ট্রাম্পে কালি এইদৰেও কয় যে ৰাষ্ট্ৰখনত ইৰানে ‘শ্লিপাৰ চেল’ সক্ৰিয় কৰা বুলি সন্দেহ আছে আৰু আমেৰিকাই সৰ্বাধিক অগ্ৰাধিকাৰ দি ইয়াৰ সূত্ৰ উলিয়াবলৈ চেষ্টা চলাইছে।
আনহাতে, পেন্টাগনৰ মুৰব্বীজনে এইদৰেও দাবী কৰে যে তেওঁলোকে ইৰানৰ বিৰুদ্ধে যুদ্ধত বিজয়ীৰ স্থানত আছে, কিন্তু কেতিয়ালৈ যুদ্ধৰ অন্ত পৰিব সেই বিষয়ে কোনো মন্তব্য নকৰিলে। কালি তেহৰানৰ ক্ষেপণাস্ত্র ধ্বংস কৰা আৰু সামৰিক শক্তি নিঃশেষ কৰা মূল লক্ষ্য হ’ব বুলিও কয়। ইৰানক সম্পূৰ্ণৰূপে বিধ্বস্ত নকৰাকৈ ক্ষান্ত নহয় বুলি তেওঁ কয়।
ৱাশিংটনৰ বাৰম্বাৰ ভাবুকিৰ পাছতো ইৰানে যুদ্ধ চলাই যাব বুলি সকীয়নি দি আছে। এজন শীর্ষ বিষয়াই কয় যে ইৰানক ধ্বংস কৰিব বিচৰাসকল নিজে নিঃশেষ হৈছে। তেওঁ কয়, ‘আপোনালোকতকৈ অধিক বৃহৎ শক্তিয়েও আমাৰ ৰাষ্ট্ৰক ধ্বংস কৰিব পৰা নাই। যিসকলে চেষ্টা কৰিছিল নিজেই ধ্বংস হৈছে।’
আনহাতে, ইৰানত সর্বোচ্চ ধর্মীয় নেতাৰূপে নির্বাচিত হোৱা নিহত খামেনেইৰ পুত্র মোজতবা খামেনেইৰ সমর্থনত হেজাৰ হেজাৰ ইৰানী লোকে তেহৰানত বৃহৎ সমদল কৰে। ইয়াৰ লগে লগে বৈদেশিক মন্ত্রী আব্বাছ আৰাঘছিয়ে কয় যে যিমানদিন প্রয়োজন হয় ইৰানে যুদ্ধ কৰি যাব। আন্তঃৰাষ্ট্ৰীয় বিশ্লেষক মহলে কয় যে এই ভাষ্যই ট্রাম্পৰ যুদ্ধৰ অতি সোনকালে সমাপ্তিৰ ভৱিষ্যদ্বাণীক সন্দেহৰ দিশলৈ ঠেলি দিছে। ইৰানীসকলৰ যুদ্ধৰ মাজতে সমদলে ৰাষ্ট্ৰখনৰ বিৰুদ্ধে থিয়া দিয়া সকলৰ প্ৰতি একপ্ৰকাৰ সকীয়নি বার্তা বুলিও এনে বিশ্লেষকে ব্যাখ্যা কৰে।
সমান্তৰালভাবে এটা মহলে যুদ্ধবিৰতিৰ বাবেও চেষ্টা চলাইছে। ইৰানৰ উপ-বৈদেশিক মন্ত্রী কাজেম ঘাৰিবাবাদিয়ে কয় যে চীন, ৰাছিয়া আৰু ফ্রান্সকে ধৰি কিছুমান দেশে যুদ্ধবিৰতিৰ বাবে ইৰানৰ স’তে যোগাযোগ কৰিছে। এই পর্যন্ত ইৰানত যুদ্ধৰ ফলত প্রায় ১২শৰো অধিক লোকৰ মৃত্যু হৈছে আৰু ১০ হেজাৰ আহত হৈছে।
মধ্য প্রাচ্যত কি হৈছে?
কুৱেইট, সংযুক্ত আৰব আমিবশ্বাহী, ছৌদি আৰব আৰু বাহৰেইনত আজিও ইৰানে আক্রমণ অব্যাহত ৰখা বুলি ৰাষ্ট্ৰকেইখনে প্রকাশ কৰে আৰু কয় যে বহু সংখ্যক ইৰানৰ ক্ষেপণাস্ত্ৰৰ ড্ৰ’ন ধ্বংস কৰা হৈছে। ইপিনে, অস্ট্রেলিয়াই আমিৰশ্বাহীলৈ ক্ষেপণাস্ত্ৰ প্ৰেৰণ কৰাৰ লগতে মধ্য প্রাচ্যত সামৰিক নিৰীক্ষণ বিমান নিয়োগ কৰিব বুলি কয়। ৰাষ্ট্ৰখনৰ প্রধানমন্ত্রী এন্টনি আলবানিজে এই তথ্য সদৰী কৰিছে।
কিমান লক্ষ্য ভেদিলে সেয়াও ক’লে ট্রাম্পে
কালি মার্কিন ৰাষ্ট্ৰপতিয়ে এলানি ভাষ্য প্রকাশ কৰে। যুদ্ধৰ অনতিপলমে সমাপ্তিৰ ঘোষণাৰ লগতে অৱশ্যে চলিত সপ্তাহতে শেষ নহয় বুলি স্পষ্ট কৰে। ট্রাম্পৰ মতে আমেৰিকাই এই পর্যন্ত পাঁচ হেজাৰৰো অধিক লক্ষ্যত আক্ৰমণ কৰিছে। ইয়াৰ ফলত ইৰানৰ বায়ুসেনা আৰু নৌসেনা বাহিনী ধ্বংসপ্রাপ্ত হোৱাৰ লগতে ইয়াৰ ৮০ৰ পৰা ৯০ শতাংশ ক্ষেপণাস্ত্র লন্সাৰ ধ্বংস কৰা বুলি তেওঁ কয়। তেওঁ এইদৰেও কয় যে ইৰানৰ ড্ৰ’নৰ সামর্থ্যক তীব্রভাবে হ্রাস কৰা হৈছে আৰু ড্র’ন নির্মাণ আন্তঃগাঁথনিও আক্রমণ কৰা হৈছে।
আহত মোজতবা
ইৰানৰ সৰ্বোচ্চ ধর্মীয় নেতাৰ আসনত বহা মোজতবা খামেনেইক দুঃসাহসী যোদ্ধা বুলি অভিহিত কৰি তেওঁ আহত হোৱাৰ ইংগিত দিছে ইৰানৰ ৰাষ্ট্ৰীয় টেলিভিছনে। চলিত যুদ্ধত তেওঁ আহত হোৱা বুলি কোৱা হৈছে। অৱশ্যে এই বাতৰিৰ সত্যতা কিমান তাকে লৈ আন্তঃৰাষ্ট্ৰীয় বিশ্লেষকে সন্দেহ প্রকাশ কৰে। ইৰানৰ সংবাদ মাধ্যমে এই যুদ্ধখনক ‘বমাদান যুঁজ’ আখ্যা দিছে।
মনকৰিবলগীয়া যে মোজতবা খামেনেইক ৰাজহুৱাভাবে দেখা নাযায়। ৫৬ বছৰীয়া মোজতবা পিতৃৰ দৰেই কঠোৰপন্থী। আজি তেওঁৰ সমর্থনত হেজাৰ হেজাৰ লোকে তেহৰানৰ বাটে-পথে সমবেত হোৱাৰ সমান্তৰালভাৱে সামাজিক মাধ্যমত প্রচাৰিত কিছুমান ফুটেজত ঘৰৰ বেলকনিত থিয় দি মানুহে মোজতবাক মৃত্যুৰ শাওপাত দিছে। এই ভিডিঅ’সমূহৰ সত্যতা অৱশ্যে পৰীক্ষিত নহয়। ইপিনে, মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে মোজতবাৰ সর্বোচ্চ আসনত অধিষ্ঠিত হোৱাটো তেওঁ ভাল পোৱা নাই বুলি প্রকাশ কৰে।
শ্রীলংকাৰ বিশ্লেষক-লেখক ছানাকা আনশ্লেম পেৰেৰাই সামাজিক মাধ্যম ‘এক্স’ত কয়, ‘ইৰানৰ নতুন সর্বোচ্চ নেতাজনক দেখা পোৱা নাযায়। কোনেও তেওঁক এবাৰো দেখা নাই। এখন ফটো নাই, এটা ভিডিঅ’ নাই, এটা বিবৃতিও নাই। সংবাদমেল দূৰৰে কথা, ঘৰৰ বেলকনিতো তেওঁক কোনেও দেখা নাই।’
