Strait of Hormuz:✒️পশ্চিম এছিয়াত চলি থকা সামৰিক উত্তেজনাৰ মাজতে গুৰুত্বপূর্ণ সমুদ্ৰপথ Strait of Hormuz ত নতুন সংঘাতৰ সৃষ্টি হৈছে। আমেৰিকাই দাবী কৰিছে যে ইৰানে সমুদ্ৰত বিস্ফোৰক স্থাপন কৰা চেষ্টা চলোৱাৰ সময়ত ১৬খন ইৰানী নৌকা ধ্বংস কৰা হৈছে।
মাৰ্কিন সেনাৰ মতে, এই নৌকাসমূহে সমুদ্ৰপথত বোমা স্থাপন কৰি তেলবাহী জাহাজৰ চলাচল ব্যাহত কৰাৰ চেষ্টা কৰিছিল। তাৰ পাছতে অভিযান চলাই এই নৌকাসমূহ লক্ষ্য কৰি আঘাত হানা হয়।
ইফালে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও (Donald Trump) সতর্কবাণী দিয়ে ।তেওঁ কৈছে যে হৰমুজ প্ৰণালী অৱৰোধ কৰাৰ কোনো চেষ্টা সহ্য কৰা নহ’ব। প্ৰয়োজন হ’লে তীব্ৰ পদক্ষেপ লোৱা হ’ব বুলিও তেওঁ উল্লেখ কৰে।
উল্লেখযোগ্য যে Strait of Hormuz বিশ্বৰ অন্যতম গুৰুত্বপূর্ণ সমুদ্ৰপথ, য’ত দিয়ে বিশ্বৰ প্ৰায় ২০ শতাংশ তেল পৰিবহন হয়। সেয়ে এই অঞ্চলত উত্তেজনা বৃদ্ধি পোৱাত বিশ্ব তেল বজাৰত উদ্বেগ বৃদ্ধি পাইছে।
