১৩ বছৰ কোমাত যুৱক, অৱশেষত স্বেচ্ছামৃত্যুৰ অনুমতি আদালতৰ

IMG 20260311 123724

Passive Euthanasia :✒️দেশত প্ৰথমবাৰৰ বাবে পেছিভ ইউথেনেছিয়া (স্বেচ্ছামৃত্যু)ৰ অধিকাৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিলে Supreme Court of India এ। আদালতে এক বিশেষ গোচৰত পেছিভ ইউথেনেছিয়া (Passive Euthanasia) অৰ্থাৎ জীৱনধাৰণ সহায়ক চিকিৎসা ব্যৱস্থা আঁতৰাই স্বেচ্ছামৃত্যুৰ অনুমতি প্ৰদান কৰে।

তথ্য অনুসৰি, প্ৰায় ১৩ বছৰ ধৰি কোমা সদৃশ অৱস্থাত থকা এজন ৰোগীৰ ক্ষেত্ৰত তেওঁৰ পৰিয়ালে আদালতৰ কাষ চাপিছিল। চিকিৎসকসকলৰ মতে, ৰোগীজনৰ সুস্থ হোৱাৰ সম্ভাৱনা অত্যন্ত কম। এই পৰিস্থিতিত মেডিকেল ব’ৰ্ডৰ মতামত বিবেচনা কৰি আদালতে জীৱনধাৰণ সহায়ক ব্যৱস্থা প্ৰত্যাহাৰ কৰাৰ অনুমতি দিয়ে।

আদালতৰ মতে, এনে পৰিস্থিতিত ৰোগীক অযথা কষ্টত ৰাখি চিকিৎসা চলাই যোৱাতকৈ “সম্মানজনকভাৱে মৃত্যুৰ অধিকাৰ” সাংবিধানিক অধিকাৰৰ অংশ। এই ৰায়ে দেশত পেছিভ ইউথেনেছিয়া সম্পৰ্কীয় আইনী দিশক পুনৰ স্পষ্ট কৰি দিলে বুলি আইনী বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।

এই সিদ্ধান্তক স্বাস্থ্য আৰু আইনী ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি গণ্য কৰা হৈছে, যিয়ে আগন্তুক দিনত একেধৰণৰ জটিল চিকিৎসা-নৈতিক বিষয়ত পথপ্ৰদৰ্শক হিচাপে কাম কৰিব পাৰে।

Exit mobile version