Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

প্ৰতিবাদ সাব্যস্ত কৰিলে অসমীয়া যুৱ মঞ্চই

WhatsApp Image 2026 03 11 at 1.47.59 PM

Asomiya Yuva Mancha:

জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত অসমীয়া যুৱ মঞ্চৰ । সোমবাৰে চচলত জুবিন গাৰ্গৰ ন্যায়ৰ দাবী,অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি,অসমত ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰা আৰু অসম চুক্তি ৰূপায়ণৰে অবৈধ বাংলাদেশীক বিতাড়ন কৰা আদি কে’বাটাও দাবীত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।

প্ৰতিবাদত অসমীয়া যুৱ মঞ্চৰ বিষয়ববীয়া সদস্যৰ লগতে মঞ্চৰ সহ: সম্পাদক আকাশ শইকীয়াই অংশ লৈ হুংকাৰ দি কয় যে,মৰিয়াই মাৰিলেওঁ মাৰক,গুলীয়াই মাৰিলেওঁ মাৰক মুঠতে জুবিন দাৰ ন্যায় লাগিবই৷ দোষীয়ে কঠোৰ শাস্তি পাবই লাগিব ৷ অন্যৰ্থাই সংগ্ৰাম অব্যাহত থাকিব ৷ বিক্ষোভকাৰী সকলে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত বিভিন্ন শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে I

Exit mobile version