ATM Theft Arrested:
ৰাজ্যৰ য’তে – ত’তে পিয়াপি দি ফুৰিছে এটিএম প্ৰৱঞ্চক ৷ বিশেষকৈ এটিএমৰ ওচৰত অৱস্থান কৰি থকা প্ৰৱঞ্চকৰ জালত পৰি সৰ্ৱস্বান্ত হৈছে বহুজন ৷ শেহতীয়াকৈ এনে এটিএম প্ৰৱঞ্চকৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰস্থিতি লৈ থকাৰ মাজতে গৌৰীপুৰ আৰক্ষীৰ জালত পৰে এটা কুখ্যাত এটিএম প্ৰৱঞ্চক ৷ এজন লোকে এটিএমৰ পৰা টকা উলিয়াব লওতেই পূৰ্বৰে পৰা এটিএমৰ খাপ পিটি থকা এটা প্ৰৱঞ্চকে লোকজনৰ এটিএম খন অতি কৌশলৰে সলনি কৰিব লওতেই লোকজনে হুলস্থূল কৰাত স্থানীয় লোক উপস্থিত হৈ এটিএম প্ৰৱঞ্চকটোক উত্তম মাধ্যম দি গৌৰীপুৰ আৰক্ষীক গতাই দিয়ে ৷ ধৃত এটিএম প্ৰৱঞ্চকটো ঝোগৰাৰপাৰৰ চোহেল আলম মোল্লা । প্ৰৱঞ্চকটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে অর্ধ শতাধিক এটিএম কার্ড ৷
