Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

ইন্ধনৰ নাটনিত হাহাকাৰ চুবুৰীয়া দেশখনত, নুমলীগড় শোধনাগাৰৰ পৰা ৰপ্তানি কৰা হ'ল ৫০০০ টন ডিজেল

WhatsApp Image 2026 03 11 at 3.36.57 PM

Diesel exports from NRL to Bangladesh:

মধ্য প্ৰাচ্যত অব্যাহত থকা যুদ্ধৰ প্ৰভাৱ পৰিল চুবুৰীয়া বাংলাদেশত ৷ মধ্য প্ৰাচ্যত চলি থকা যুদ্ধৰ বাবে ইন্ধনৰ নাটনি হোৱাত এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতি হয় চুবুৰীয়া দেশখনত ৷ যাৰবাবে দেশ খনৰ চৰকাৰে যোগাযোগ কৰে দিল্লীৰে ৷ ভাৰত চৰকাৰৰ সেউজ সংকেত পোৱাৰ পিছতে নুমলীগড় শোধনাগাৰৰ পৰা ৰপ্তানি কৰা হ’ল ৫০০০ টন ডিজেল ৷

উল্লেখ্য যে বাংলাদেশৰ তদানীন্তন অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰে ভাৰতৰ সমন্ধ তিক্ততাপূৰ্ণ হৈ পৰাৰ বাবে ভাৰতে ঢাকা সহ দেশ খনৰ কে’বা খনো চহৰত থকা ভাৰতৰ ভিছা কেন্দ্ৰ বন্ধ কৰাৰ লগতে বানিজ্যক সম্পৰ্ক বিঘ্নিত হৈছিল ৷ কিন্ত শেহতীয়াকৈ হোৱা দেশ খনৰ সাধাৰণ নিৰ্বাচনত তাৰিক ৰহমান নেতৃত্বত বিএনপি দলৰ চৰকাৰে ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছত ক্ৰমাৎ ভাৰতৰ স’তে বন্ধুত্বমূলক সম্পৰ্ক পুনৰ গঢ় লৈ উঠিছে ৷ যাৰবাবে ইতিমধ্যে ভাৰত চৰকাৰে দেশ খনত থকা ভাৰতৰ সকলো ভিছা কেন্দ্ৰ মুকলি কৰাৰ লগতে বানিজ্যিক সম্পৰ্ক বাহাল ৰখাত দুই দেশৰ মাজত পুনৰ আৰম্ভ হৈছে আমদানি – ৰপ্তানি ৷

Exit mobile version