Gaurav Gogoi:
বিজেপিত উৎখাত কৰাৰ লক্ষ্যৰে কংগ্ৰেছে দুই বাওঁ দল সহ অসম জাতীয় পৰিষদ,কাৰ্বি পাহাৰৰ জন ইংতি কাথাৰৰ দল আৰু অখিল গগৈৰ ৰাইজৰ দলৰ স’তে মিলিত হৈ ঐক্যবদ্ধ ভাৱে যুঁজাৰ বাবে অগ্ৰসৰ হৈছিল যদিও আসন বুজাপৰা ক্ষেত্ৰত ৰাইজৰ দলৰে ঐক্যমত নোহোৱাৰ বাবেই ৰাইজৰ দলক বাদ দি সংবাদমেলৰ আয়োজন কৰিছিল গৌৰৱ গগৈয়ে ৷ য’ত নেকি উপস্থিত অছিল লুৰিণজ্যোতি গগৈ,চিপিএমৰ নেতা,জন ইংতি কাথাৰ ৷ কিন্ত উপস্থিত নাছিল অখিল গগৈ ৷
যাৰবাবে কাজিৰঙা অৰ্কিড উদ্যানত বাহৰ পাতি গৌৰৱ গগৈৰ বিৰুদ্ধে সোচ্ছাৰ হৈ অখিল গগৈয়ে কংগ্ৰেছৰে স’তে মিত্ৰতা শেষ হোৱাৰ ইংগিত দি মিত্ৰতাৰ গল কংগ্ৰেছৰ কৰ্টত থকা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল। এখোপ আগলৈ গৈ মিত্ৰতা ভংগৰ বাবে দায়ী কৰিছিল গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক ৷ একেদৰে মিত্ৰতা সুদৃঢ় কৰাৰ ক্ষেত্ৰত মৌনব্ৰত পালন কৰি থকা বুলি কৈ লুৰিণজ্যোতিৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰে ৰাইজৰ দলৰ সভাপতিজনৰ ৷
কংগ্ৰেছৰ দ্বিতীয় খন তালিকাৰ বাবে দিল্লীত বাহৰ পাতি থকা গৌৰৱ গগৈয়ে বুধবাৰে সকলো উৎকণ্ঠাৰ অন্ত পেলাই ৰাইজৰ দলৰ সৈতে মিত্রতা নহয় বুলি এক ইংগিত দিয়ে সামাজিক মাধ্যমৰ জৰিয়তে ৷ বহু চেষ্টা কৰিও মিত্ৰতা কৰাত বিফল হোৱা বুলি মন্তব্য কৰি গগৈয়ে মিত্ৰতা নোহোৱাৰ বাবে ৰাইজৰ দলকে দোষাৰোপ কৰে ৷ মিত্ৰতাৰ বিষয়টোৰ পৰা সাময়িকভাৱে বিৰতি লোৱা বুলি চ’ছিয়েল মাধ্যমত প’ষ্ট কৰে গৌৰৱ গগৈয়ে ৷
এপিচিচি সভাপতি গৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে উল্লেখ কৰে যে ,অসমৰ ৰাইজে বিচৰাৰ দৰেই আগন্তুক বিধানসভা নির্বাচনত একত্রিত বিৰোধী হিচাপে প্রতিদ্বন্দিতা কৰাৰ স্বাৰ্থত আমি ৰাইজৰ দলৰ সৈতে মিত্ৰতা কৰিবলৈ বিচাৰিছিলো। কিন্তু অতি দুর্ভাগ্যজনকভাবে বহু চেষ্টাৰ মূৰতো ৰাইজৰ দলৰ সৈতে আমি মিত্ৰতাৰ ক্ষেত্ৰত অসমৰ ৰাইজে বিচৰা ধৰণেৰে এক সুবিধাজনক আৰু আশাপদ পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হ’ব পৰা নাই।
নিৰ্বাচনী মিত্ৰতাৰ প্ৰথম লক্ষ্যই হৈছে আসনসমূহৰ জয়ী হোৱাৰ সম্ভাৱনাৰ বাস্তৱ দিশটোক বিশেষ গুৰুত্ব প্রদান কৰা। এই দিশটোৰ প্ৰতি দৃষ্টি ৰাখিও আমি বহল দৃষ্টিভংগীৰে আসন এৰা-ধৰাৰ মাজেৰেই বিষয়টো আগুৱাই লৈ গৈছিলো।
কিন্তু বিভিন্ন কাৰণত আমাৰ দুয়োটা দলৰ মাজৰ মিত্ৰতাৰ বিষয়টো ৰাইজে বিচৰা ধৰণেৰে গঢ়ি তুলিবলৈ সক্ষম হ’ব পৰা নাই। সেয়েহে সম্প্ৰতি ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ বিষয়টোৰ পৰা অলপ সময়ৰ বাবে বিৰতি লৈছো। পৰৱৰ্তী সময় আমি পুনৰ বিবেচনা কৰিম।
