ইৰাকৰ জলসীমাত তেলবাহী দুখন টেংকাৰত আক্ৰমণ!

বিস্ফোৰণত জ্বলি উঠিল জাহাজ

1773291029 tanker lead

US Iran:✒️ইৰাকৰ জলসীমাত তেলবাহী দুখন টেংকাৰৰ ওপৰত হোৱা আক্ৰমণে আন্তর্জাতিক ক্ষেত্ৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বসৰা উপকূলৰ ওচৰত সংঘটিত এই ঘটনাৰ পিছতেই জাহাজ দুখনত বিস্ফোৰণ আৰু ভয়ংকৰ অগ্নিকাণ্ডৰ সৃষ্টি হয়।

প্ৰাথমিক তথ্য অনুসৰি, অজ্ঞাত আক্রমণকাৰীয়ে বিস্ফোৰকভৰা নৌকা বা ড্ৰ’ন ব্যৱহাৰ কৰি এই আক্ৰমণ চলোৱা বুলি সন্দেহ কৰা হৈছে। আক্ৰমণৰ ফলত জাহাজত থকা নৌসেনাসকলৰ মাজত আতংকৰ সৃষ্টি হয়।

ঘটনাৰ পিছতেই তৎক্ষণাৎ জৰুৰী উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়। জাহাজত থকা বহু নৌসেনা সুৰক্ষিতভাৱে উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে বুলি স্থানীয় সূত্ৰে জানিবলৈ দিয়ে।

ইফালে, ঘটনাৰ পাছত অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা অধিক কঠোৰ কৰা হৈছে। আক্ৰমণৰ প্ৰকৃত কাৰণ উদ্ঘাটনৰ বাবে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ইৰাকৰ কৰ্তৃপক্ষই।

মধ্যপ্ৰাচ্যত বৰ্তমান চলি থকা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতেই এই ঘটনাই বিশ্বজুৰি তেল পৰিবহণ আৰু সামুদ্রিক সুৰক্ষাক লৈ নতুন উদ্বেগৰ সৃষ্টি কৰিছে।

Exit mobile version