US Iran:✒️ইৰানৰ এখন বিদ্যালয়ত সংঘটিত মাৰাত্মক ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ঘটনাক লৈ পোহৰলৈ আহিছে নতুন তথ্য । প্ৰাথমিক তদন্তত ইঙ্গিত পোৱা গৈছে যে এই আক্ৰমণ সম্ভৱতঃ আমেৰিকাৰ সামৰিক বাহিনীৰ ভুল লক্ষ্য নিৰ্ধাৰণৰ ফলত সংঘটিত হৈছিল।
প্ৰতিবেদন অনুসৰি, আক্ৰমণটো সংঘটিত হৈছিল ইৰানৰ মিনাব অঞ্চলত অৱস্থিত ছাজাৰেহ তাইয়্যেবেহ এলিমেণ্টাৰী স্কুল (Shajareh Tayyebeh Elementary School)ত।
এই ঘটনাত বহু লোক নিহত হয়, যাৰ ভিতৰত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীও অন্তৰ্ভুক্ত বুলি জানোৱা হৈছে।
তদন্ত সূত্ৰৰ মতে, আমেৰিকাৰ বাহিনীয়ে লক্ষ্য কৰিছিল নিকটৱৰ্তী এক সামরিক ঘাঁটি, যি ইছলামিক ৰেভলিউশ্যনাৰী গাৰ্ড কৰ্পছ(Islamic Revolutionary Guard Corps)ৰ স’তে জড়িত বুলি সন্দেহ কৰা হৈছিল।
কিন্তু পুৰণি চোৰাংচোৱা তথ্যৰ ভিত্তিত কৰা এই অভিযানত লক্ষ্যস্থল ভুলকৈ নিৰ্ধাৰণ হোৱা সম্ভাৱনাৰ কথা উল্লেখ কৰা হৈছে।
ইফালে ঘটনাটোৰ পাছত পেণ্টাগনে (Pentagon)পৃথক তদন্ত আৰম্ভ কৰিছে। যদিও তদন্ত এতিয়াও সম্পূৰ্ণ হোৱা নাই, তথাপি এই ঘটনাই অসামৰিক লোকৰ সুৰক্ষা আৰু যুদ্ধ কৌশলক লৈ বিশ্বজুৰি নতুন বিতৰ্কৰ সৃষ্টি কৰিছে।
