চলিত বর্ষত লেপটপ-ডেক্সটপৰ মূল্য ৩৫ শতাংশ হ’ব পাৰে বৃদ্ধি

woman using laptop JOHF03279

Woman using laptop

ভাৰতত আগন্তুক কে’বামাহমানত ডেক্সটপ আৰু লেপটপ কম্পিউটাৰৰ মূল্য বৃদ্ধি পাব পাৰে। প্ৰছেছৰ আৰু গ্রাফিক্স কাৰ্ডৰ দৰে সামগ্ৰীৰ মূল্যবৃদ্ধিৰ কাৰণত চলিত বৰ্ষত লেপটপ-ডেক্সটপৰ মূল্য ৩৫ শতাংশলৈকে বৃদ্ধিৰ সম্ভাৱনা আছে।

বজাৰ বিশেষজ্ঞই এই কথা সদৰী কৰি কয় যে সম্প্রতি কম্পিউটাৰ তৈয়াৰৰ বাবে প্রয়োজনীয় মুখ্য সামগ্ৰীৰ মূল্য উর্ধ্বমুখী হৈছে আৰু এই কাৰণত চলিত বৰ্ষত লেপটপ-ডেক্সটপৰ মূল্য অধিক হোৱাৰ বহু সম্ভাৱনা আছে।

মূল্য অধিক বৃদ্ধিৰ ফলত চলিত বৰ্ষত দেশত কম্পিউটাৰ বজাৰৰ বৃদ্ধি আঠ শতাংশ অৱনমিত হ’ব পাৰে। ‘মনিকন্ট্র’ল’ৰ প্ৰতিবেদনত লগতে উল্লেখ কৰা অনুসৰি, চলিত মার্চত লেপটপ-ডেক্সটপৰ মূল্য ১০ শতাংশ বৃদ্ধি পাব পাৰে।

ইতিমধ্যে লেপটপ-ডেক্সটপৰ মূল্য ১০-১২ শতাংশলৈকে বৃদ্ধি পালে। কম্পিউটাৰ তৈয়াৰৰ অন্যতম সামগ্ৰী ৰেমৰ মূল্য ইতিমধ্যে ২.৫ৰ পৰা তিনিগুণ বৃদ্ধি পালে।

বিশেষজ্ঞৰ মতে বর্তমানে বজাৰত ৩৫ হেজাৰ টকাত উপলব্ধ লেপটপৰ মূল্য ৪৫ হেজাব টকালৈকে বৃদ্ধি পাব পাৰে।

Exit mobile version