দূষিত গাখীৰৰ সন্দেহ! অন্ধ্ৰপ্ৰদেশত ১৩ জনৰ মৃত্যু, বহু লোক অসুস্থ

1773300198 milk 1

Andhra Pradesh:✒️অন্ধ্ৰপ্ৰদেশত দূষিত গাখীৰ খোৱাৰ সন্দেহত সংঘটিত হোৱা এক মাৰাত্মক ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। তথ্য অনুসৰি ৰাজ্যখনৰ পূৰ্ব গোদাৱৰী জিলাত এই ঘটনাত কমেও ১৩ জন লোকৰ মৃত্যু হৈছে।

স্থানীয় সূত্ৰ অনুসৰি, এখন ডেয়াৰী ফাৰ্মৰ পৰা যোগান ধৰা গাখীৰ খোৱাৰ পিছতেই বহু লোক অসুস্থ হৈ পৰে। বমি, পেটৰ বিষৰ দৰে লক্ষণ দেখা দিয়াত কেবাজনো লোকক তৎকালীনভাৱে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। যদিও চিকিৎসাধীন অৱস্থাতেই ১৩ জন লোকৰ মৃত্যু হয় ।

এই ঘটনাৰ পাছতেই স্বাস্থ্য বিভাগ তৎপৰ হৈ উঠে। প্ৰভাৱিত অঞ্চলত জৰুৰী চিকিৎসা শিবিৰ স্থাপন কৰাৰ লগতে বিশেষজ্ঞ চিকিৎসকৰ দল পঠিয়াই দিয়া হৈছে। লগতে সন্দেহজনক গাখীৰ যোগান ধৰা ডেয়াৰী ফাৰ্মখন সাময়িকভাৱে বন্ধ কৰি তদন্ত আৰম্ভ কৰা হৈছে।

ইফালে, ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ গাখীৰ আৰু পানীৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা চলাই আছে বিশেষজ্ঞসকলে। দূষিত গাখীৰ ফলতেই এই বিষক্ৰিয়া সংঘটিত হোৱা নেকি সেয়া নিশ্চিত কৰিবলৈ তদন্ত অব্যাহত আছে।

Exit mobile version