Iran Israel Conflict:✒️ইৰানৰ স’তে চলি থকা সংঘাতৰ বাবে আমেৰিকাৰ বিপুল আৰ্থিক ব্যয় হোৱা বুলি প্ৰকাশ পাইছে। মার্কিন প্ৰশাসনৰ এক মূল্যায়ন অনুসৰি, যুদ্ধ আৰম্ভ হোৱাৰ প্ৰথম কেইদিনতেই হেজাৰ কোটি ডলাৰৰো অধিক ধন ব্যয় হৈছে।
সূত্ৰসমূহৰ মতে, সংঘাতৰ প্ৰথম ছয় দিনতেই আমেৰিকাৰ ব্যয় প্ৰায় ১১৩০কোটি ডলাৰ অতিক্ৰম কৰিছে। যুদ্ধ অভিযান চলাবলৈ ব্যৱহৃত ক্ষেপণাস্ত্ৰ, ড্ৰ’ন প্রতিহত কৰা ব্যৱস্থা, সামৰিক অভিযান আৰু বিভিন্ন অস্ত্ৰ-সামগ্ৰী ব্যৱহাৰৰ বাবেই এই বিপুল ব্যয় হোৱা বুলি জনোৱা হৈছে।
প্ৰাথমিক পৰ্যায়ত যুদ্ধ আৰম্ভ হোৱাৰ প্ৰথম ১০০ ঘণ্টাতেই প্ৰায় ৩.৭ বিলিয়ন ডলাৰ খৰচ হোৱা বুলি বিভিন্ন সামৰিক বিশ্লেষণত উল্লেখ কৰা হৈছে। এই ব্যয়ৰ বেছিভাগেই সামৰিক অভিযান আৰু অত্যাধুনিক অস্ত্ৰ ব্যৱহাৰৰ ক্ষেত্ৰত খৰচ হৈছে।
বিশেষজ্ঞসকলৰ মতে, যদি এই সংঘাত দীৰ্ঘস্থায়ী হয় তেন্তে আমেৰিকাৰ সামৰিক বাজেটৰ ওপৰত আৰু অধিক চাপ পৰিব পাৰে।
ইতিমধ্যে কংগ্ৰেছৰ বহু সদস্যই যুদ্ধৰ খৰচ, কৌশল আৰু ইয়াৰ সম্ভাৱ্য প্ৰভাৱৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰিছে।
বিশ্লেষকসকলৰ মতে, মধ্যপ্ৰাচ্যত চলি থকা এই উত্তেজনাপূৰ্ণ পৰিস্থিতিয়ে কেৱল ৰাজনৈতিক ক্ষেত্ৰতেই নহয়, বিশ্ব অৰ্থনীতি আৰু তেল বজাৰতো গভীৰ প্ৰভাৱ পেলাব পাৰে।































